বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ ভিতৰত আৰু আগমন হলৰ বাহিৰত, যাত্ৰীসকলৰ আৰু বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰী সকলৰ সুবিধাৰ্থে তিনিখনকৈ খাদ্য বিপনীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিপনীকেইখন শুভাৰম্ভ কৰে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই। বিভিন্নধৰণৰ দেশীয় খাদ্য-সামগ্ৰীৰ লগতে বিবিধ চকলেট উপলব্ধ হোৱা বিপনীকেইখন উদ্বোধন কৰি ভাষণ প্ৰসঙ্গত উৎপল বৰুৱাই কয় যে, বিপনীকেইখনে দীৰ্ঘদিন ধৰি বিমানকোঠত আৱশ্যক হোৱা এক বহুদিনীয়া অভাৱ পূৰণ কৰিব। স্বাস্থ্য সন্মতভাৱে খাদ্যগ্ৰহণৰ সুবিধা থকা বিপণিকেইখনৰ উদ্বোধনত, ভাষণ প্ৰসংগত বৰুৱাই নতুনকৈ আৰম্ভ হোৱা বিপনী কেইখনৰ সুবিধা গ্ৰহণ কৰিবলৈ যাত্ৰীসকলৰ লগতে বিমানকোঠৰ কৰ্মচাৰী সকলকো আহ্বান জনাই। উল্লেখ্য যে, বিপণি কেইখন ক্ৰমে ৱিম্বলে, ম’ম ব্লুজ আৰু ৫০ ডিগ্ৰি চোৱাৰ্মা, য’ত বিভিন্ন ধৰণৰ দেশীয় আৰু বিদেশী চকলেটৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য সম্ভাৰ উপলব্ধ হ’ব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান