যি সময়ত অসমত অসমীয়া ভাষা হেৰাই যোৱাৰ উপক্ৰম হৈছে, সেই সময়ত বিদেশত অসমীয়া ভাষা প্ৰসাৰৰ বাবে এগৰাকী প্ৰবাসী অসমীয়াই প্ৰয়াস কৰিছে।গীতাশ্ৰী গগৈ আপ্তে নামৰ মহিলা গৰাকীয়ে অনলাইন স্কুল প্ৰতিষ্ঠা কৰি এই মহৎ কামৰ অংশীদাৰ হৈছে।উল্লেখযোগ্য যে গীতাশ্ৰী গগৈ আপ্তে সম্প্ৰতি আমেৰিকা টেনেচীৰ বাসিন্দা।এই সম্পৰ্কে তেখেতে এনেদৰে মন্তব্য কৰে-ক’ভিড কালীন সময় অৰ্থাৎ ২০২০ চনৰ জুলাই মাহৰ পৰা আমি অনলাইনত অসমীয়া ভাষা শিকোৱা কাম আৰম্ভ কৰিছিলো।প্ৰথমে ২০ জন মান শিক্ষাৰ্থীকলৈ বিনামূলীয়াকৈ পাঠদান কৰিছিলো।আমি অসমীয়া ভাষা লগতে অসমীয়া সংস্কৃতিৰ সম্পৰ্কে পাঠদান কৰো। স্মৰ্তব্য যে দেশৰ লগতে কানাডা প`লেণ্ড নেদাৰলেণ্ড,ফ্ৰান্স ,শ্লোকোভিয়া নৰ’বে, নিউজিলেণ্ড ,ইউ কে ,ইউ এচ এ শিক্ষাৰ্থীয়ে সম্প্ৰতি শিকাৰু হিচাপে আছে।অনাগত দিনত অধিক প্ৰসাৰিত কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।জন্মসূত্ৰে যোৰহাট বঙালপুখুৰী বাসিন্দা গীতাশ্ৰী গগৈ আপ্তে অসমীয়াত্ব ৰক্ষাৰ এই যুঁজ অব্যাহত থাকক, আমি জনালো অলেখ শুভকামনা।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ