মনোৰঞ্জন কলিতাৰ প্ৰবন্ধ সংকলন ব্ৰহ্মপুত্ৰৰ আয়ুস আৰু অন্যান্য উন্মোচন

ব্যৱহাৰিক দিশৰ প্ৰয়োজনীয় প্ৰবন্ধ লেখক মনোৰঞ্জন কলিতাৰ “ব্ৰহ্মপুত্ৰৰ আয়ুস আৰু অন্যান্য” প্ৰবন্ধ সংকলনটোত কেইবাটাও গুৰুত্বপূৰ্ণ লেখা সন্নিবিষ্ট কৰা হৈছে। লেখকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ গভীৰতালৈ গৈ প্ৰবন্ধ সমূহ লিখি উলিয়াইছে। যি বোৰ প্ৰকৃত সমস্যা আমাৰ সমাজত হৈ আছে সেই সমূহ সুন্দৰ ভাবে লিখি উলিয়াইছে। এইদৰে কয় আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা অসমৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতাই। দেওবাৰে গুৱাহাটীৰ উজান বজাৰ স্থিত শ্বহীদ ন্যাসত বিশিষ্ট লেখক, “আমাৰ অসম”ৰ মুখ্য উপ-সম্পাদক মনোৰঞ্জন কলিতাৰ প্ৰবন্ধ সংকলন “ব্ৰহ্মপুত্ৰৰ আয়ুস আৰু অন্যান্য” উন্মোচন কৰি ড০ দিলীপ কলিতাই লগতে কয় যে আমি আমাৰ সমস্যা সমূহক লৈ ইমান ব্যস্ত হৈ পৰিছো যে আমাৰ মহানগৰী খন মৰুভূমি হ’বলৈ ওলাইছে, সভ্যতা ধ্বংস হ’ব ধৰিছে, পানী, বিদ্যুৎ, নদীৰ আয়ুস কিমান সেই সমস্যা সমূহক লৈ আমি সচেতন নহও। এইবোৰ বিষয়ক লৈ লিখা, এইবোৰ বিষয়ক লৈ চিন্তা কৰাহে প্ৰকৃত চিন্তা। দেশৰ অশান্তি আমি একেলগে ভোগ কৰিছো। ম’বাইল টাৱাৰ নীৰৱ ঘাতক। সেই বোৰ কথাও লেখকে সুন্দৰ ভাৱে বিশ্লেষণ কৰিছে। এতিয়া চিকিৎসা বিজ্ঞান সলনি হৈছে। মানসিক অশান্তি বোৰ এতিয়া বাঢ়ি গৈ আছে। ই এক ব্যাধি হৈ গৈছে। শৰীৰৰ লগতে মনৰো ৰোগ সৃষ্টি হ’ব পাৰে। বৰ্তমান সময়ত হাঁহিৰে জীৱন জিনিব পাৰিব লাগিব। লেখকৰ এই সুন্দৰ বিষয়ৰ প্ৰবন্ধবোৰে সৰ্বসাধাৰণক উপকৃত কৰিব বুলি আশা কৰিলো। লেখকে এনেদৰে গ্ৰন্থ লিখি যাব বুলি আশা কৰিলো।” লোক-সংস্কৃতিৰ গৱেষক,পণ্ডিত লীলাধৰ হাজৰিকাৰ পৌৰোহিত্যত হোৱা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰা হয়। স্তূতি বৰকাকতিয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি লেখক মনোৰঞ্জন কলিতাই কয় ” এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা প্ৰবন্ধ সমূহ বিভিন্ন সময়ত লিখা হৈছিল। পত্নী আৰু বন্ধুবৰ্গৰ অনুপ্ৰেৰণাত বিভিন্ন প্ৰবন্ধ সমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ’ল। কেৱল “ব্ৰহ্মপুত্ৰৰ আয়ুস” প্ৰবন্ধটো সাম্প্ৰতিক সময়ৰ লগত মিলাই কিছু নতুনত্ব সংযোজন কৰা হৈছে। গ্ৰন্থ খন পাঠকে আদৰি ল’ব বুলি আশা কৰিলো।” সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই পৰিবেশন কৰা “সৰস্বতী বন্দনাৰে” আৰম্ভ হোৱা সভাখনত সংস্থিতা শৰ্মাই গল্প পাঠ কৰাৰ লগতে অভিনেত্ৰী জ্বলি ভট্টাচাৰ্যই অভিনয়ৰ সংলাপ পৰিবেশন কৰে। সভাত প্ৰশান্ত মদণ্ডল্যই গীত, সাংবাদিক অনুপমা ডেকা আৰু ৰঞ্জিত পাটগিৰীয়ে কবিতা পাঠ কৰে। সভাপতিগৰাকীয়ে ব্ক্তব্যত কয়” সুস্থ চিন্তা কৰিবলৈ সুস্থ বাতাবৰণৰ প্ৰয়োজন। লেখক বহু গুৰুত্বপূৰ্ণ প্ৰবন্ধ গ্ৰন্থ খনত সন্নিবিষ্ট কৰিছে। লেখকে এনেদৰে সাহিত্য চৰ্চা অব্যাহত ৰাখক। আজিৰ প্ৰজন্মই ভাষাৰ প্ৰতি গুৰুত্ব দিয়ে।” সভাত ডায়মণ্ড ফাউণ্ডেচন এণ্ড ৰিচাৰ্ছৰ হৈ বশিষ্ঠ ৰাভাই চমু বক্তব্য আগবঢ়ায়। সভাত সমজুৱাৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰুৱা আৰু ভূপেন মহন্তই শুভেচ্ছা মূলক ব্ক্তব্য আগবঢ়ায়। আনহাতে লেখকৰ পত্নী, শিক্ষক নীলিমা ৰাভা কলিতাই চমু বক্তব্য আগবঢ়াই সকলোৰে শলাগ লয়। সভাত জ্যেষ্ঠ সাংবাদিক অতুল কুমাৰ বৰ্মনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাত শলাগৰ শৰাই আগবঢ়াই প্ৰশান্ত মদণ্ডল্যই। অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

জিৰাফক চাহ বাগিছাৰ মাজত ৰাখিছে,কিন্তু কিয়

হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ নুমলীগড় চাহ বাগিচাৰ কর্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।ধলাগুৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা।

 

উল্লেখযোগ্য যে ধলাগুৰি চাহ বাগিচাত চাহ বাগানৰ মাজত স্থাপন কৰিছে এক জিৰাফৰ  কাঠৰ প্ৰতিমূৰ্তি । চাহ বাগিচাৰ কর্তৃপক্ষই বিশ্বাস কৰে যে বনৰীয়া হস্তীয়ে এই জিৰাফক দেখিলে দূৰতে বিদূৰ হ’ব। সেইসূত্রে তেওঁলোকে জিৰাফৰ প্ৰতিমূৰ্তি বাগিচাত স্থাপন কৰিছে।

উল্লেখযোগ্য যে এই প্ৰকাণ্ড কাঠৰ জিৰাফটো দেখিলে বন্যহস্তী যাক আঁতৰি যায়।যি সময়ত হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে,সেই সময়ত বাগিচাৰ কৰ্তৃপক্ষই জিৰাফক বাগিছাত স্থাপন কৰি নিৰ্দশন দাঙি ধৰিছে।

পূজা মণ্ডপত মাস্ক বিতৰণ কৰিলে অভিনেত্ৰী আইমী বৰুৱাই

প্ৰতিকূল বতৰৰ মাজতে উদযাপন হৈছে দেৱী দূর্গাৰ পূজা।কিনকিনীয়া বৰষুণে পূজাৰ পৰিৱেশ অধিক সেমেকা কৰি তুলিছে।

 

ক’ৰণা পৰিস্থিতিৰ  আৰু বৰষুণৰ বাবে এইবাৰৰ পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। চৰকাৰী নীতি নিয়ম পালন কৰি ৰাইজ ঠাইয়ে ঠাইয়ে পূজা মণ্ডপত ভিৰ কৰা পৰিলক্ষিত হৈছে।

আনহাতে শনিবাৰে জাগীৰোডৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক।প্ৰতিবাৰৰ দৰে এইবাৰো অভিনেত্ৰী গৰাকীয়ে জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপ পৰিদৰ্শন কৰি দেৱীৰ আশীষ লোৱা পৰিলক্ষিত হয়।এইবাৰ অভিনেত্ৰীগৰাকীয়ে জাগীৰোড বিভিন্ন পূজা মণ্ডপত ৩০ হাজাৰ মাস্ক বিতৰণ কৰে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানে শ্ৰুোতাৰ মন জয় কৰিছে

আকাশবাণী নগাঁও কেন্দ্ৰই যোৱা চাৰিমাহ ধৰি প্ৰতি সপ্তাহৰ মঙ্গল আৰু শুক্ৰবাৰে পুৱা ৯.১৫ত প্ৰচাৰ কৰি অহা সৌজন্যমূলক সাহিত্য অনুষ্ঠানটিয়ে সচেতন শ্ৰুোতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে এই অনুষ্ঠানটিৰ যোগেদি নপুৰণি লেখক লেখিকা সকলে তেওঁলোকৰ সদ্যপ্ৰকাশিত গল্প, প্ৰৱন্ধ,কবিতা, নাটক,উপন্যস আদি গ্ৰন্থসমূহৰ পৰিচয় শ্ৰুোতা সমাজৰ আগত দাঙি ধৰাৰ উপৰিও লেখক সকলক  পৰিচয় কৰাই দিয়া হয়।

 

 

ইতিমধ্যে অসমৰ কেবাগৰাকী প্ৰতিষ্ঠিত কবি আৰু লেখকে এই অনুষ্ঠানটিত ভাগ লৈছে ।তদুপৰি, সম্প্ৰতি কেন্দ্ৰটোৰ পৰা প্ৰচাৰ হৈ থকা ডাঃ নৰেন কুটুমৰ “ভালপোৱাৰ কথোপকথন” নামৰ কবিতা সংকলনখনৰ সমূহ কবিতা সংগীত সংযোজনাৰে ধাৰাবাহিক ভাবে প্ৰচাৰ কৰি এক ব্যতিক্ৰমী  অনুষ্ঠান কেন্দ্ৰটিয়ে শ্ৰুোতাক উপহাৰ দিবলৈ সক্ষম হৈছে।

খবৰ যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে

কাহিকুছি গাঁও পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীক পি.এ. ওৱাইৰ গৃহ আবণ্টনৰ তৎপৰতা

দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা যিসকল লোকৰ থাকিবৰ বাবে উপযুক্ত গৃহ নাই তেনে প্ৰকৃত হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ (পি.এ. ওৱাই) অধীনত গৃহ আবন্টনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাহিকুছি গাওঁ পঞ্চায়তে।

 

এই তৎপৰতাৰ অংশ হিচাপে কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া আৰু ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য ৰজিদা বেগমৰ নেতৃত্বত ৰাণী উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ এটা দলে ২০ অক্টোবৰত সংখ্যালঘু বসতি প্ৰধান বঙৰা পাচনিয়াপাৰাৰ ইছলামপুৰ অঞ্চল পৰিদৰ্শন কৰে। উক্ত অঞ্চলটোৰ কোন কোন প্ৰকৃত হিতাধিকাৰীক গৃহ আবণ্টন দিব লাগিব তাৰ এক চৰজমিন জৰীপ চলায়। জৰীপ কাৰ্যৰ সময়ত ৰানী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সহকাৰী অভিযন্তা শংকৰ দাস, গাণনিক অখিল কলিতা, গাঁও পঞ্চায়ত সমন্বয়ক স্বপন কুমাৰ দাস, কাঁহিকুছি গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য আজেদা বেগম উপস্থিত থাকে।

 

আনহাতে দলটোৱে পি.এ. ওৱাইৰ গৃহ পাবলগীয়া কেবাটাও হিতাধিকাৰীৰ গৃহ চৌহদ পৰিদৰ্শন কৰি তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বুজ লয়। ইয়াৰ উপৰিও দলটোৱে অঞ্চলটোৰ ৰাইজৰ সৈতে বাট-পথ, খোৱাপানীকে ধৰি বিভিন্ন বিষয়ত মত বিনিময় কৰে। এই ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰজিদা বেগমে সকলো ধৰণৰ সহায়- সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।