আধুনিকতাৰ ধামখমীয়াত একাংশ নৱপ্ৰজন্মই অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত সম্পদৰাজিৰ পৰা বহুদূৰ ফালৰি কাটি যোৱাৰ সময়তে সোণাৰি লংপতীয়া জুতুলনী গাঁৱৰ এজন যুৱ শিল্পী চৰ্চালৈ আহিছে। মানৱজ্যোতি বৰুৱা নামৰ যুৱ শিল্পীজনে অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত পেঁপা,গগণা,সুতুলি,ঢোলৰ মাৰি,কাকৈ ফনী,টকা,নেগেৰা মাৰি প্ৰস্তুত কৰে।সোণাৰি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ মানৱজ্যোতিৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত মানৱজ্যোতিয়ে কয় যে মোৰ দাদা বিহুৱা আছিল।প্ৰথমে তেওঁৰ পৰাই শুনি শুনি বজাবলৈ চেষ্টা কৰিছিলো।এইক্ষেত্ৰত আন এজন দাদা নীতু শইকীয়াই গগণা,পেঁপা বনাবলৈ শিকাইছিল।ইয়াৰ উপৰিও ২০১৮ চনৰ জুলাই মাহত দ্বীজেন গগৈৰ পৰা সাতদিনীয়া প্ৰশিক্ষণ গ্রহণ কৰিছিলো।তেওঁৰ অনুপ্ৰেৰণাতে লোকবাদ্য বনোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।উল্লেখযোগ্য যে মানৱজ্যোতিয়ে লোকবাদ্য সমূহ বনোৱাৰ লগতে বিক্রী কৰে।মানৱজ্যোতিৰ এনে কৰ্মৰ বাবে হাজাৰ জনে শলাগ লৈছে।

গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল
সমাগত ২০২১ চনৰ বিধানসভা নির্বাচন৷ৰাজ্যত ইতিমধ্যে নিৰ্বাচনৰ প্ৰৰস্তুতি আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালভাৱে নির্বাচন যাতে সুকলমে আৰু শান্তিপূর্ণভাৱে সৰ্মাপন হয় তাৰ বাবে দেশৰ নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হয় মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ।
ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত অথবা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়া লগত গুৰুত্বপূর্ণ আলোচনাত অংশগ্রহণ কৰিব৷
ভিউৱাছৰ মতামত