দক্ষিণ কামৰূপৰ মিৰ্জাত অত্যাধুনিক স্মাৰ্ট ম’বাইল ফোন ‘ৰিয়েলমিৰ’ শ্ব’ৰুম ৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰিয়েলমিৰ শ্ব’ৰুম মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে মিৰ্জাৰ সমাজকৰ্মী দীনেশ চৌধুৰীয়ে। উক্ত শ্ব’ৰুম মুকলি কৰি হিমাংশু শেখৰ বৈশ্যই দক্ষিণ কামৰূপৰ মিৰ্জাত ‘ৰিয়েলমি’ৰ অত্যাধুনিক ৫ জি স্মাৰ্ট ম’বাইল ফোন, স্মাৰ্ট টিভি, ঘড়ী, হেণ্ডফোন আদি উপলব্ধ শ্ব’ৰুম মুকলি হোৱাত অঞ্চলটোৰ জনসাধাণৰ বহুত উপকাৰ হ’ব। বৰ্তমান সময়ত ম’বাইল ফোন নহলে একো কামেই নহয়। সেয়েহে ম’বাইল ফোন সকলোকে অত্যন্ত জৰুৰী। উদ্যমী যুৱক তথা স্বত্বাধিকাৰী চানী সেঠীক শুভেচ্ছা তথা ব্যৱসায়িক দিশত উজ্বল ভৱিষ্যত কামনা কৰি উক্ত শ্ব’ৰুমত অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিবলৈ আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই। উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰিয়েলমিৰ স্মাৰ্ট ম’বাইল ফোন নতুনকৈ শ্ব’ৰুম মুকলি কৰা বাবে শুভেচ্ছা জ্ঞাপন কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা