কটনৰ বিশেষ ব্যৱস্থা- ক`ভিড-ত পিতৃ মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি

0 221

ক`ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ ক`ভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰায়জনীয় নথি পত্ৰসমূহ স্কেন কৰি [email protected] (স্নাতক) আৰু [email protected] (স্নাতকোত্তৰ) ত ই মেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.