বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ।অহা ১৪,১৫ আৰু ১৬ নৱেম্বৰত বডোফা সাংস্কৃতিক ভৱনত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ।শান্তি আৰু প্ৰেমৰ আন্তঃৰাষ্ট্ৰীয় শতভাষিক কবিতা আবৃত্তি কৰা হ’ব সাহিত্য উৎসৱত। বি টি আৰ চৰকাৰে উদযাপন কৰা এই সাহিত্য উৎসৱ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী সফল কৰিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ হিচাপে সাহিত্যিক সুৰত নাৰ্জাৰী আৰু আহ্বায়ক হিচাপে প্ৰফেছৰ ড° অনিল বড়োক দায়িত্ব দিয়া হৈছে।কাৰ্যসূচীৰ সন্দৰ্ভত সংবাদ মেলৰ জড়িয়তে জনাইছে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram