শোণিতপুৰ জিলাৰ বালিপৰাৰ উদমাৰী গাও পঞ্চায়তত আজি সেউজীকৰণ অাঁচনিৰ শুভাৰম্ভ কৰা হয় | চৰকাৰীভাৱে প্ৰতিটো পঞ্চায়তৰ জৰিয়তে গছপুলি ৰোপন কৰি ধৰা সেউজীকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ অংশৰূপে আজি বালিপৰাৰ – চাৰিদুৱাৰ পথৰ দুয়োকাষে উদমাৰী পঞ্চায়তৰ তৰফৰ পৰা গছপুলি ৰোপন কৰা হয় | এই উপলক্ষে অনুষ্ঠানৰ শুভাৰম্ভ কৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে | অনুষ্ঠানত উদমাৰী পঞ্চায়তৰ সভানেত্রী ৰেখাসেন ডেকা ,বালিপৰা পঞ্চায়তৰ সভানেত্রী বীণা হাজৰিকা , ৰাজনীশ শইকীয়া ,বালিপৰা ব্যৱসায়ী সন্থী সভাপতিকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্হিত থাকে | উল্লেখ্য যে , উদমাৰী পঞ্চায়তে উক্ত সেউজীকৰণ আঁচনিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ লগতে পথৰ দুয়োকাষ সামৰি সৰ্বমুঠ এক হাজাৰ গছপুলি ৰোপন কৰা হয় |

২১ জানুৱাৰীৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
বোকাখাতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণেৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ২০২১ ৷ তাৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই মেলা অহা ২১,২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল’ব ৷ শনিবাৰে বিয়লি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অগ্ৰগতিৰ বুজ লয় ৷ কৃষি আৰু উদ্যান শস্যৰ সঞ্চালক মঃ জেলিলৰ লগতে কৃষি বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদৰ উপৰিও জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ এই মেলাত এইবাৰ ক`ভিডৰ বাবে বহিঃৰাষ্ট্ৰৰ বিপনীয়ে অংশ নল’ব যদিও আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে দিল্লীস্থিত বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সকলৰ লগতে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও তেওঁলোকৰ নিমন্ত্ৰণ নিশ্চিত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে ৷ মেলাত বহিঃ ৰাজ্যৰ পৰা অহিব লগা অত্যাধুনিক কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে ৰাজ্যৰ কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি সদৰি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেইখনো আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ অহা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জনালে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত মেলাত প্ৰতিদিনে স্থানীয় আৰু আমন্ত্ৰিত কন্ঠশিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে এই মেলা গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছিল যদিও ২০২০ বৰ্ষটিত ক’ৰণা সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷
ভিউৱাছৰ মতামত