ৰাজ্যৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান হায়াত হস্পিটেলৰ উদ্যোগত বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে ৬জুলাই (শনি বাৰে) গুৱাহাটী প্ৰেছ ক্লাৱত এক স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ তেহচিন ওমৰ আৰু ডাঃ বিষ্ঞু দাস উপস্থিত থাকি সাংবাদিক সকলৰ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। ৩০ গৰাকীৰো অধিক সংবাদ কৰ্মী উপস্থিত থকা শিবিৰত স্বাস্থ্য কৰ্মী ব্লিৰি নংৰি আৰু মনীষা ৰাভা ই সাংবাদিক সকলৰ ৰক্ত চাপ আৰু ব্লাড চুগাৰ পৰীক্ষা কৰে। শিবিৰত উপস্থিত থাকি চিকিৎসালয় খনৰ মহাপ্ৰৱন্ধক পৰাগ জ্যোতি দত্তই ভৱিষ্যতেও সাংবাদিক সকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহযোগ কৰিব বুলি মত প্ৰকাশ কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন