অসম ৰোলবল সংস্থাৰ সৌজন্যত চপাইদাং ৰূপালী জনজাতি সংঘৰ খেলপথাৰত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা প্ৰথম বাৰ্ষিক জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰোলবল প্ৰতিযোগিতাত সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে কেইবাটাও শাখাত পদক লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। ছুপাৰ মিনি শাখাত টভিশ জৈন সোণৰ পদক, আনিশ শৰ্মা আৰু দিব্যাংশ কেজৰিৱালে ৰূপৰ পদক লাভ কৰে। জুনিয়ৰ শাখাত মায়ঙ্ক আগৰৱালা ৰূপৰ পদক, মৃদং পাটোৱাৰী, প্ৰাহস্ত গাৰ্গ আৰু তামান্না আগৰৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ এই সাফল্যত বিদ্যালয়ৰ অধ্যক্ষ ড০ দিগন্ত হালদাৰ আৰু বিদ্যালয়ৰ ৰোলবলৰ প্ৰশিক্ষক মানৱ বি মেধিয়ে ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনায়।

এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা যাব জনপ্রিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক
অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে ৰাজকুমাৰ ঠাকুৰীয়াক ‘ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে লৈছে।ৰাজকুমাৰ ঠাকুৰীয়াৰ এটা জনপ্ৰিয় গীতৰ আৰ্হিত প্ৰস্তুত কৰা ভিডিঅ’টােত এগৰাকী ছাত্ৰীক ভােটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁ অভিনয় কৰিছে।আন এটা ভিডিঅ’ত ৰাজকুমাৰক দেখা গৈছে ছুপাৰমেনৰ ৰূপত। এজন ভােটাৰক ছুপাৰমেনৰ দৰে প্ৰতীকাত্মক ৰূপত দেখুৱাবলৈ প্ৰয়াস কৰিছে।
উল্লেখ্য যে জিলা প্ৰশাসনে বাটৰ নাটৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত মিৰ্জাৰ স্থায়ী বাসিন্দা ৰাজকুমাৰ ঠাকুৰীয়াৰ আছে বহু সংখ্যক অনুগামী।তেওঁ অভিনয় কৰা বহু গানে ইতিমধ্যে চ’চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
ভিউৱাছৰ মতামত