আজি ৰাজ্যজুৰি উদযাপিত হৈছে সৰস্বতী পূজা

0 237

আজি ৰাজ্যজুৰি উদযাপিত হৈছে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা৷ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে প্রস্তুতি আৰম্ভ হৈছে৷ অৱশ্যে ক’ৰনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ বিগত বর্ষসমূহৰ তুলনাত কিছু সীমাবদ্ধতাৰ মাজেৰে সৰস্বতী পূজা পালন কৰা হ’ব৷
বিশেষকৈ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে শিক্ষার্থীসকলৰ মাজত উলহ–মালহ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ প্রতিখন শিক্ষানুষ্ঠানত সৰস্বতী পূজাৰ বাবে মণ্ডপ সংস্থাপন কৰা হৈছে৷ শিক্ষানুষ্ঠানসমূহৰ সন্মুখত নির্মাণ কৰা হৈছে আকর্ষণীয় তোৰণ৷
ক’ভিডৰ সংক্রমণৰ বাবে ৰঙালী বিহুৰ পৰা আৰম্ভ কৰি দুর্গাপূজা আৰু অন্যান্য উৎসৱসমূহত ক্ষেত্রত যথেষ্ট সীমাবদ্ধ আৰোপ কৰা হৈছিল৷কিন্তু শেহতীয়াকৈ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ বাবে উৎসৱ পার্বনৰ ক্ষেত্রতো যথেষ্ট শিথিলতা প্রদান কৰা হৈছে৷

Leave A Reply

Your email address will not be published.