শোণিতপুৰৰ চাৰিদুৱাৰত আজি ৰাভা দিৱসৰ লগত সংগতি ৰাখি জনমত ৰক্তদাতা আৰু অসম চৰকাৰৰ কনকলতা ব্লাড বেংকৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলবাসী ৰাইজৰ সহযোগত এক সমূহীয়া ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । আজি দিনৰ ১০:০০ বজাৰপৰা চাৰিদুৱাৰৰ ৩০ খন বিছনাযুক্ত গ্ৰামীণ চিকিৎসালয়ত অনুষ্ঠিত অনুষ্ঠানটো চি আৰ পি এফৰ অসম কটন মিলছস্থিত ৩০ নং বেটেলিয়নৰ অধিনায়ক দীনেশ সিং চণ্ডেলে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰৰ লগতে তেখেতে প্ৰথমে ৰক্তদান কৰে । অনুষ্ঠানটোত অঞ্চলটোৰ ৰাইজ, দল-সংগঠনৰ সামৰি সৰ্বমুঠ ৫০ জনে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে । অনুষ্ঠানটোত বালিপৰা-চাৰিদুৱাৰ জ্যষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বুধেশ্বৰ শইকীয়া, প্ৰভাত বৰা , সমাজকৰ্মী অমূল্য গোস্বামী, চাৰিদুৱাৰ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, অাছু,অসম সেনা,অাছা ৩০নং চিঅাৰপিএফ আৰু ২২৪ ফিল্ড ৰেজিমেন্টৰ জোৱান, জনমতৰ বিষয়বৱীয়া, বালিপৰা প্ৰেছ ক্লাৱৰ সদস্য সদস্যাসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত