বিনীশা দেৱীৰ উপন্যাস “ৰক্তৰাগ”ৰ প্ৰেছক্লাৱত আজি বিনীশা দেৱীৰ নৱতম উপন্যাস ৰক্তৰাগৰ শুভ উন্মোচন কৰে ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে৷পূৰ্বাঞ্চল প্ৰকাশৰ হৈ নবীন বৰুৱাই প্ৰকাশ কৰা গ্ৰন্থখনৰ উন্মোচনী সভাত মুখ্য অতিথিৰূপে সংগীত শিল্পী, লেখক ডা° অঞ্জনজ্যোতি চৌধুৰী আৰু বিশিষ্ট অতিথি হিচাপে লেখিকা , ঔপন্যাসিক মনালিছা শইকীয়া উপস্থিত থাকে ৷নম্ৰতা শৰ্মাই আঁতধৰা সভাখনত যুগললোচন দাস,অভিজিৎ শৰ্মা,ডা° ৰুবী কটকী,মনমৰমী মহন্ত,ধনজিৎ মেধি,স্বপ্না বেজবৰুৱা, তবিউল হুইছেন ,ড° গীতালি শইকীয়া,মালবিকা চৌধুৰী,ৰীতু গগৈ,শান্তনু বৰুৱা,ড° জগদীন্দ্ৰ ৰায়চৌধুৰী,নৱজ্যোতি ঠাকুৰীয়া, প্ৰিয়ংকা শৰ্মা ,হেমন্ত কুমাৰ দাস ,ভৃগু কুমাৰ দত্ত আদি বহু লোক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷গাম্ভীৰ্যপূৰ্ণ সভাখনত সাংবাদিক দৰ্শনা বৰুৱাই গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়িকা হিচাপে শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷গ্ৰন্থখন পাঠকৰ বাবে অনলাইন যোগে এমাজন আৰু ফ্লিপকাৰ্টত উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷

২১ জানুৱাৰীৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
বোকাখাতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণেৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ২০২১ ৷ তাৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই মেলা অহা ২১,২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল’ব ৷ শনিবাৰে বিয়লি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অগ্ৰগতিৰ বুজ লয় ৷ কৃষি আৰু উদ্যান শস্যৰ সঞ্চালক মঃ জেলিলৰ লগতে কৃষি বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদৰ উপৰিও জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ এই মেলাত এইবাৰ ক`ভিডৰ বাবে বহিঃৰাষ্ট্ৰৰ বিপনীয়ে অংশ নল’ব যদিও আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে দিল্লীস্থিত বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সকলৰ লগতে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও তেওঁলোকৰ নিমন্ত্ৰণ নিশ্চিত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে ৷ মেলাত বহিঃ ৰাজ্যৰ পৰা অহিব লগা অত্যাধুনিক কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে ৰাজ্যৰ কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি সদৰি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেইখনো আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ অহা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জনালে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত মেলাত প্ৰতিদিনে স্থানীয় আৰু আমন্ত্ৰিত কন্ঠশিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে এই মেলা গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছিল যদিও ২০২০ বৰ্ষটিত ক’ৰণা সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷
ভিউৱাছৰ মতামত