ৰাজপথত নিজৰ সুঠাম শৰীৰ প্ৰদৰ্শন কৰি পথ সজাগতাৰ অভিনৱ আহ্বান বিশিষ্ট শৰীৰ চৰ্চাবিদৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত যাতে পথ-দুৰ্ঘটনাত এজন লোকৰো প্ৰাণ হানি নহয় তাৰ বাবে জনোৱা আহ্বানলৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আজি ৰাজপথত নিজৰ সুঠাম শৰীৰ প্ৰদৰ্শন কৰি এচাম ক্ৰীড়াবিদে পথ-সজাগতাৰ বাবে সকলো শ্ৰেণীৰ লোকলৈ জনোৱা ব্যতিক্ৰম আহ্বানে সকলোকে আকৰ্ষণ কৰে। উল্লেখ্য যে, এইবাৰ ৩১ ডিচেম্বৰত এটাও পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ নিদিও বুলি মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানে ৰাজ্যৰ পৰিবহণ বিভাগকে ধৰি পথ সুৰক্ষাৰ লগত জড়িত অন্যান্য বিভাগসমূহক একত্ৰিতভাৱে জনসচেতনতা সৃষ্টিৰ বাবে ৰাজপথত নামি হাতে কামে নিজৰ কামত লাগি যোৱাত উদ্বুদ্ধ কৰিছে৷
মুখ্যমন্ত্ৰীগৰাকীৰ সময়োচিত আৰু গুৰুত্বপূৰ্ণ আহ্বানত সক্ৰিয় হৈ ইতিমধ্যেই ভাগে ভাগে সজাগতা অনুষ্ঠান আয়োজন কৰি জনসাধাৰণৰ মাজত ব্যাপক সচেতনতা সৃষ্টি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত আজি মহানগৰীৰ এবিচিত অনুষ্ঠিত পথ সজাগতা অনুষ্ঠানটিত পোনতেই পৰিবহণ বিষয়াগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ প্ৰতি অতি বিনয়েৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ আহ্বানৰ মহত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা বুলি অনুধাৱন কৰি তাৰ ক্ষীপ্ৰ সমাধানত মনোনিৱেশ কৰাৰ লগতে ৰাজ্যবাসীক এটা আপোন পৰিয়ালৰ দৰে হৃদয়ঙ্গম কৰা বাবেই অতি আন্তৰিকতাৰে পথ সুৰক্ষাৰ আহ্বান জনাইছে। কিয়নো ৩১ ডিচেম্বৰৰ উৎসৱৰ আনন্দত একাংশ যানবাহন ব্যৱহাৰকাৰীয়ে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাত যোৱা দিনবিলাকত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুতেই অকাল মৃত্যুক সাৱতি লবলগীয়া হয় ৷ সেয়েহে পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনায়। বিশিষ্ট সাংবাদিক তথা “ দি এ নিউজ” প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কয় যে ভাৰতবৰ্ষত প্ৰতিবছৰে ডেৰ লাখৰো অধিক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। তদুপৰি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষতে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ সৰ্বাধিক। অসমতো বছৰি মৃত্যু হোৱা লোকৰ এটি সংক্ষিপ্ত পৰিসংখ্যা ডাঙি ধৰাৰ লগতে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দুৰ্ঘটনামুক্ত ৩১ ডিচেম্বৰৰ আহ্বান আচলতে এইসময়ৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি সকলো লোককে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। অনুষ্ঠানৰ আৰম্ভণিতেই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা সজাগতা অনুষ্ঠানটিত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামীয়ে দুচকীয়া বাহনৰ চালক আৰু যাত্ৰী উভয়কে হেলমেট পৰিধানৰ বাবে আহ্বান জনোৱাৰ লগতে এই কাৰ্য কেৱল আৰক্ষীৰ পৰা হাত সাৰিবলৈকেযে নহয়, নিজৰ শৰীৰ আৰু জীৱন ৰক্ষাৰ বাবেহে সেয়া আন্তৰিকতাৰে লবলৈ অনুৰোধ জনায়। সজাগতা অনুষ্ঠানটিত উপষ্ঠিত থাকি প্ৰাক্তন পৰিবহণ বিষয়া দীপক দাসৰ লগতে কেইবাগৰাকীও আই-মাতৃয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ অগ্ৰজ আৰু অনুজ সকলোৰে প্ৰতি পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলাৰ বাবে সকলোকে আহ্বান জনায়। ইফালে গোটেই আনুষ্ঠানটিতে শিল্পী দীনেশ দাসে ভূপনদাৰ কন্ঠৰ কেইবাটাও গীত পৰিবেশন কৰি যানবাহন ব্যৱহাৰিসকলক যানবাহন আইন মানি চলাৰ বাবে উদ্বুদ্ধ কৰে ৷

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ৰাণী ব্লকৰ উদ্যোগত ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক প্ৰতিযোগীতা

ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিজ্ঞান ভিত্তিক এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক আৰু পলাশবাৰী আঞ্চলিক হাইস্কুলৰ ছাত্ৰ- ছাত্ৰী সকলে বিজ্ঞানৰ আৰ্হি, আকস্মিক বক্তৃতা আৰু পষ্টাৰ লিখাৰ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে । প্ৰতিযোগিতাৰ অন্তত ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তৰুন চন্দ্ৰ দাসৰ সভাপতিত্বত বটাঁ বিতৰণি সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মা, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰৱক্তা ড°হেমন্ত কলিতা, পলাশবাৰী আঞ্চলিক হাইস্কুলৰ শিক্ষক দীনেশ শৰ্মা, খগেন মেধি, মৰমী শৰ্মা আদিয়ে প্ৰতিযোগীতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় । বিজয়ী প্ৰতিযোগী সকলোৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰন কৰে ।

জোনবিল মেলাত মন্ত্ৰী পীযুষ হাজৰীকা: ১৮ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান

অসম চৰকাৰৰ তথ্য, জনসংযোগ, জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল মেলাত উপস্থিত থাকি গোভা ৰজা দীপচিং দেওৰজা সহিতে ১৮ গৰাকী সন্মানীয় তিৱা ৰজাক সম্বৰ্ধনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হৈ এক লাখ টকাকৈ ৰাজভাটাৰ চেক বিতৰণ কৰে । লগতে মন্ত্ৰীগৰাকীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথি আৰু সংগ্ৰহালয় গৃহৰ উন্মোচন কৰে ।

ৰাজ্য চৰকাৰৰ ক’ভিদ বিধি মানি অনুষ্টুপীয়াকৈ আয়োজিত জোনবিল মেলাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে জোনবিল মেলা হৈছে আমাৰ তিৱা সম্প্ৰদায়ৰ গৌৰৱ আৰু আমাৰ সংস্কৃতিৰ এক অন্যতম অনুস্থান । জোনবিল মেলাৰ বিনিময় প্ৰথাৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ঐতিহ্য আৰু সংস্কৃতিক কেতিয়াও উপেক্ষা কৰিব নোৱাৰো ।ৰজা জোঙাল বলহুৰ শৌৰ্য-বীৰ্যৰ কথা সোৱঁৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৌৰ্য বীৰ্যৰ ধাৰাবাহিকতা আজিও তিৱাসকলে ৰক্ষা কৰি আহিবলৈ সক্ষম হৈছে । 

আনহাতে বিগত সময়ত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ভাট্টা দি অহাৰ বিপৰীতে এই বৰ্ষৰপৰা তেঁওলোকক বছৰি ১ লাখকৈ ৰাজভাট্টা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।পাছবেলালৈ মন্ত্ৰীগৰাকীয়ে জাগীৰোড সমষ্টিৰ কেইবাটাও স্থানত অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ।

জামুগুৰিহাটত শোণিতকোঁৱৰ গজেন বৰুৱা দিৱস উদযাপন

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী নক্ষত্র স্বৰূপ,ঐতিহ্য মণ্ডিত বাৰেচহৰীয়া ভাওনা, বৰপুখুৰীপাৰৰ মুকলি বিহুক জগত সভাত পৰিচয় কৰি স্বৰ্ণ শিখৰত উপনীত কৰোতা, শোণিতকোঁৱৰ গজেন বৰুৱাৰ স্মৃতি দিৱস আজি বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্থলীত চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হয় । চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক মুখ্য উপদেষ্টা আৰু বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীক উপদেষ্টা হিচাপে লৈ গঠন কৰা উদ্ যাপন সমিতিখনে উক্ত দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছিল যদিও ক’ভিদ পৰিস্থিতিৰ বাবে অধিকাংশ কাৰ্যসূচী বাতিল কৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হয়। আজি পুৱা ৯ বজাত বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্থলীৰ শ্বহীদ বেদী প্ৰসংগত থকা শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তিত অঞ্চলটোৰ অনুষ্ঠানসমূহৰ বিষয়ববীয়া আৰু সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে বৰ্ষটোত কাৰ্যসূচীৰ সামৰণি পৰিব। অনুষ্ঠানটোত উপস্থিত থকা সকলোৰে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে সমিতিৰ তৰফৰ পৰা চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে বুলিও সম্পাদকদ্বয়ে জানিয়ে দিয়ে। উল্লখযোগ্য যে ২০১৭ চনৰ পৰা অসম চৰকাৰে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে শিল্পী গৰাকীৰ নামত বঁটা প্ৰদান কৰি আহিছে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

কামৰূপ জিলাত গণৰাজ্য দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনা সভা অনুষ্ঠিত

কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমাগত ৭৩ সংখ্যক গণৰাজ্য দিৱসটি এইবাৰ কামৰূপ জিলাত অনুষ্টুপীয়াকৈ উদ্‌যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত পুনৰালোচনা কৰাৰ অৰ্থে আজি জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই অনুসৰি পূৰ্বৰ সিদ্ধান্তমতে প্ৰস্তুতি আৰম্ভ কৰা সকলো সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰা হয়৷

চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, আৰক্ষী, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজ আৰু মুখ্য অতিথিৰ ভাষণেৰে আগন্তুক গণৰাজ্য দিৱসটি উদ্‌যাপন কৰা হ’ব৷ উল্লেখযোগ্য যে প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদ্‌যাপনৰ কাৰ্যসূচীত ৬০ বছৰৰ ঊদ্ধৰ্ৰ লোকসকলৰ লগতে ১৫ বছৰৰ তলৰ শিশুসকলক উপস্থিত থাকিবলৈ উৎসাহিত কৰা হোৱা নাই৷

আজিৰ সভাত বিভিন্ন বিভাগ, সামৰিক তথা অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপৰি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী আৰু কমল বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

২৫ জানুৱাৰীৰ পৰা শ্বুটিং আৰম্ভ হ`ব গেংছ অফ এ ফেমিলি

জ্যোতি চিত্ৰবনত অলপতে গেংছ অফ এ ফেমিলি শীৰ্ষক এখন চিনেমাৰ মুহুৰত অনুষ্ঠিত হয়।জাভেদ কাইছাৰৰ পৰিচালিত এই চিনেমাখন আগৰকাঠ ৰপ্তানিকৰ্তাৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে।চিনেমাখনৰ শ্বুটিং ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ`ব।

ঢকুৱাখনাত স্বামী বিবেকানন্দৰ জীৱনচৰ্যা সন্দৰ্ভত ৰচনা প্ৰতিযোগিতা

আধুনিক ভাৰতৰ স্ৰষ্টা স্বৰূপ মহান দাৰ্শনিক ,স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষত ঢকুৱাখনাত বৃহস্পতি বাৰে অনুষ্ঠিত কৰা হয় যুৱ দিৱস। ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ ভাতৃ সংগঠন ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ  উদ্যোগত ,ঢকুৱাখনা মণ্ডল যুৱ মৰ্চাৰ সহযোগত বৃহস্পতি বাৰে এই যুৱ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।  ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগনত কোভিড বিধি মানি অনুষ্ঠিত এই দিৱসৰ সতে সংগতি ৰাখি শিক্ষাৰ্থী সকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ঢকুৱাখনা সংগঠনিক জিলা ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন শিক্ষানুষ্ঠানৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।স্বামী বিৱেকানন্দৰ জীৱন দৰ্শন শীৰ্ষক এই ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক গ্ৰন্থ সম্ভাৰ , মানপত্ৰ আদিৰে আৰু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগীক মানপত্ৰ আৰু কলমেৰে মান্যতা প্ৰদান কৰা হয়।  যুৱ মৰ্চাৰ ঢকুৱাখনা মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক পলাশ কোঁৱৰে আঁত ধৰা যুৱ দিৱসৰ অনুষ্ঠানত ঢকুৱাখনা জিলা যুৱ মৰ্চাৰ সভাপতি বৃকোদৰ দাস, সাধাৰণ সম্পাদক মিগম পেগু ,নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, শিক্ষয়িত্ৰী অপৰাজিতা বুঢ়াগোহাঁই,শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰাজীৱ তামুলী ,শিক্ষক সুভাষ বৰপাত্ৰ গোহাঁই, বিদ্যুৎ চমুৱাৰ লগতে যুৱ মৰ্চাৰ গৰিষ্ঠ সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকি প্ৰতিযোগী সকলক পুৰস্কৃত কৰে  আৰু মহান দাৰ্শনিক গৰাকীৰ ভাবাদৰ্শ আৰু মাৰ্গ দৰ্শনেৰে নৱ প্ৰজন্মক আগুৱাই গৈ এখন স্বনির্ভৰশীল আৰু প্ৰগতিশীল দেশ গঢ়াত অৱদান যোগাই ,দেশ মাতৃৰ বাবে উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ পৰম অংশীদাৰ হোৱাৰ পৰামৰ্শ আগবঢ়ায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।