কৌটিল্য গ্ৰুপৰ এক পদক্ষেপ

0 224

কৃষকসকলে যাতে বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য সম্পন্ন কৰি অধিক লাভজনক ফচল উৎপাদন কৰিব পাৰে সেই উদ্দেশ্যৰেই কৃষি বিভাগৰ অধিনত কৰ্ম সম্পাদন কৰা বে-চৰকাৰী সংগঠন কৌটিল্য গ্ৰুপে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষকসকলক একত্ৰিত কৰি আলোচনাৰ লগতে প্ৰশিক্ষণৰ সমান্তৰালকৈ সভা অনুষ্ঠিত কৰি আহিছে৷ইয়াৰেই অংশস্বৰূপে আজি শোণিতপুৰ জিলাৰ নদুৱাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধিনস্থ জামুগুৰিহাটৰ উত্তৰ বৰভগীয়া খণ্ডৰ প্ৰায় অৰ্ধ শতাধিক কৃষক ৰাইজৰ লগত ওপৰকুৰি গাঁৱৰ কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী ৰংগমঞ্চত এখন আলোচনা সভা অনুষ্ঠিত হয়৷মুলত ছইল হেলথ কাৰ্ড আঁচনিৰ অধিনত শালি ধানৰ খেতিৰ পুষ্টিভিত্তিক প্ৰদৰ্শনৰ উপৰিও সাৰৰ ব্যৱহাৰ,মাটিৰ পৰীক্ষা নিৰিক্ষা,উপযোগীতা আৰু ব্যৱহাৰৰ ওপৰত আলোচনা হয়৷ইয়াৰোপৰি ৰাজ্য চৰকাৰে কৃষকসকলৰ বাবে লোৱা কল্যাণমুলক আঁচনি আৰু এই আঁচনিসমুহত কেনেদৰে কৃষকসকল অন্তৰ্ভুক্ত হৈ উপকৃত হ’ব পাৰে আদিবোৰ বিষয় পুংখানুপুংখকৈ আলোচনা কৰি কৃষকসকলক বুজাই দিয়া হয়৷কৌটিল্য গ্ৰুপৰ সঞ্চালক সুবিৰ বৰুৱা উপস্থিত থকা সভাখনত কৌটিল্য গ্ৰুপৰ প্ৰশিক্ষক নিবেদিতা বৰুৱা,কৃষি বিভাগৰ গ্ৰামসেৱক টংকেশ্বৰ বৰা,কৌটিল্য গ্ৰুপৰ আহবায়ক নৃপেন নাথ উপস্থিত থাকে৷উল্লেখ্য যে শোণিতপুৰ জিলাৰ প্ৰায় ৭০ খন গাঁৱত কৌটিল্য গ্ৰুপে এনেদৰেই কৃষকসকলক একত্ৰিত কৰি আলোচনা সভা অনুষ্ঠিত কৰি অহাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ উপৰিও বিশ্বনাথ আৰু বাক্সা জিলাতো বে-চৰকাৰী সংস্থা কৌটিল্য গ্ৰুপৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰি আছে বুলি জানিব দিয়ে সঞ্চালক সুবিৰ বৰুৱাই৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.