এসময়ত এইছ ডি এফ চি বেংকত চাকৰি কৰিছিল তেওঁ।কিন্তু চাকৰিৰ মোহে তেওঁক আবদ্ধ কৰি ৰাখিব নোৱাৰিলে ।কাৰণ তেওঁ উদ্যমী আছিল।নিজাকৈ কিবা কৰাৰ মানসিকতাৰ বাবে এদিন ব্যৱসায়ত ধৰিল আৰু আজি এজন সফল ব্যৱসায়ীত পৰিণত হ’ল! তেওঁ কোন আছিল জানেনে? তেওঁ মানস কলিতা।চয়ুৰী ফাৰ্মৰ স্বত্বাধিকাৰী ।গুৱাহাটী উলুবাৰীৰ মানস কলিতাই তেখেতৰ মিৰ্জাস্থিত ফাৰ্মৰ যোগেদি বহু নিবনুৱাক স্বাৱলম্বী কৰি তুলিছে ।এই সম্পৰ্কে মানস কলিতাই এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়-আমাৰ ফাৰ্মৰ যোগেদি গাহৰি উৎপাদন হয়, প্ৰতিপালনৰ বাবে গাহৰি যোগান ধৰো আৰু গাহৰি মাংস বিক্ৰী কৰো।জানিব পৰা মতে মানস কলিতাই মিৰ্জাৰ সমীপৱৰ্তী গাঁৱৰ নিবনুৱাক ইতিমধ্যে গাহৰি যোগান ধৰিছে।চয়ুৰী ফাৰ্মত উৎপাদিত গাহৰি বিভিন্ন ঠাই যেনে মণিপুৰ, মিজোৰাম,নগালেণ্ডলৈ ৰপ্তানি হয়।ইয়াৰ উপৰিও গাহৰিৰ বিভিন্ন খাদ্য সম্ভাৰ বজাৰত পেকেট হিচাপে বিক্ৰী কৰে।গুৱাহাটীৰ জু ৰোড আৰু বেলতলাত পিগজিৰ নামৰ মাংসৰ দোকান আছে।গাহৰিৰ মাংস অধিক উৎপাদন কৰিবৰ বাবে কি লক্ষ্য হাতত লৈছে বুলি সোধাৰ এক প্ৰশ্নৰ উত্তৰত কয় যে হাইব্ৰীড প্ৰজাতিৰ গাহৰি পঞ্জাৱৰ পৰা আনি ইয়াত উৎপাদন কৰিছো।যাৰ বাবে কম দিনতে অধিক মাংস লাভ কৰিবলৈ সক্ষম হৈছো।বিভিন্ন সংগ্ৰামৰ মাজৰে যাত্ৰা আৰম্ভ কৰা চয়ুৰী ফাৰ্ম আজি কিছু পৰিমাণে হ’লেও সফল হৈছে।সম্প্ৰতি চয়ুৰী ফাৰ্মৰ যোগেদি ১৪নিবনুৱাই জীৱন জীৱিকাৰ সম্বল বিচাৰি পাইছে আৰু বহুু নিবনুৱাক এই ব্যৱসায়ে আকৰ্ষিত কৰিছে ।বিশেষ কৃতজ্ঞতা ধ্ৰুৱ জ্যোতি অৰ্জুন..
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
Great achievement
Very nice Initiative and I would like visit your farm.
Please let me know location of your farm.
You can meet him at his outlet Pigzees near Zoo tiniali opposit to CCD