জ্ঞানতকৈ কল্পনা শক্তি অধিক গুৰুত্বপূৰ্ণ। এই কথাষাৰ এলবাৰ্ট আইনষ্টাইনৰ। প্ৰাচীন বিশ্ববিদ্যালয় তক্ষশিলাটো দক্ষতা বিকাশৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অখিল কুমাৰ মেধিৰ। আজি আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ উদ্ভাৱন উৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত তেখেতে এইদৰে মন্তব্য কৰে। বৰ্তমান শিক্ষা ব্যৱস্থাটোৱে কেৱল জ্ঞানক গুৰুত্ব প্ৰদান কৰে। ব্যৱহাৰিক দক্ষতাক নহয়। যাৰ ফলত প্ৰযুক্তি তথা উদ্ভাৱনে যিমান বিকাশ পাব লাগিছিল, সিমান বিকাশ পোৱা নাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সম্বয়ক বাসুদেৱ মণ্ডলে কয় যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটী এনেধৰণৰ অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে ।উত্তৰ পূবৰ উদ্ভাৱক সকলে ইয়াৰ জৰিয়তে এক মঞ্চ লাভ কৰে।উদ্ভাৱক হ’বলৈ হ’লে কোনো বিশেষ শিক্ষাৰ প্ৰয়োজন নাই, প্ৰয়োজন মাথো কল্পনাপ্ৰৱণ মন, ধাৰণা, আৰু সেই ধাৰণাক অভ্যাসক পৰিণত কৰিব পৰা উৎসাহ ।অনুষ্ঠানত এন আই এফৰ ৰাজীৱ মিলি উপস্থিত থাকি উদ্ভাৱনী চিন্তক সকলৰ পদক্ষেপ আদৰণি জনায়।উল্লেখযোগ্য যে সমগ্ৰ উত্তৰ পূবৰ ৪৭জন উদ্ভাৱকে এই উৎসৱত অংশগ্ৰহণ কৰিছে।এই উদ্ভাৱন উৎসৱ কালিলৈ অন্ত পৰিব।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন