পলাশবাৰী বিধান সভা সমষ্টিৰ অধীনস্থ উপৰহালী ছোৱালী হাইস্কুল আৰু উপৰহালী হাইস্কুলত কালি পৃথকে পৃথকে স্বেচ্চাসেৱী সংগঠন খোজৰ উদ্যোগত দুয়োখন বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ খেলৰ সামগ্ৰী বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীৰ আৰম্ভণীতে স্বেচ্চাসেৱী সংগঠনটোৰ উপদেষ্টা দিলীপ কুমাৰ ঠাকুৰীয়াই ভাষণত স্বেচ্চাসেৱী সংগঠন খোজৰ মহান লক্ষ্য আৰু উদ্দেশ্য বাখ্যা কৰি প্ৰতিষ্ঠা কালৰেই পৰা সংগঠনটোৱে বিভিন্ন সময়ত সমাজ সেৱামূলক কাম কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান খেলৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি ফুটবল, ভলীবল, নেট আদি বিতৰণ কৰে। উক্ত খেলৰ সামগ্ৰীসমুহ উপৰহালী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক সুশান্ত ঠাকুৰীয়া আৰু উপৰহালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মিনু তালুকদাৰে গ্ৰহণ কৰি স্বেচ্চাসেৱী সংগঠন খোজৰ বিষয় ববীয়াসকলৰ এনে আদৰণীয় পদক্ষেপক প্ৰশংসা কৰে। আনহাতে যোৱা ৩ ফেব্ৰুৱাৰীত দহালী গাঁৱত স্বেচ্চাসেৱী সংগঠন খোজৰ উদ্যোগত অঞ্চলটোৰ দুখীয়া জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচী স্বেচ্চসেৱী সংগঠনটোৰ উপদেষ্টা দিলীপ কুমাৰ ঠাকুৰীয়াৰ আদৰণী ভাষণৰে শুভাৰম্ভ কৰাৰ পিছতেই খোজৰ সভাপতি ইন্দ্ৰমোহন ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক অলকেশ দেৱ শৰ্মাই প্ৰায় ৪৭ টা পৰিয়ালৰ মাজত বিনামূলীয়াকৈ কম্বল বিতৰণ কৰে। স্বেচ্চাসৱী সংগঠনটোৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণি দাসে..
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন