পখিলা প্ৰকৃতিৰ এক অনুপম সৃষ্টি।প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিক ওচৰৰ পৰা চাবলৈ আৰু অধিক জানিবলৈ ২০০৪ চনতে খানাপাৰাস্থিত বিজ্ঞান সংগ্ৰহালয়ত স্থাপন কৰে এখন পখিলা উদ্যান।এই উদ্যানত অসমত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পখিলা যেনে কমন মৰ্মন,লাইম,ব্লু টাইগাৰ,কমন গ্ৰাছ য়েল্ল’,কমন ৰ’জ,চাইকী,এঞ্জেল কেষ্টৰ,কমন এমিনেণ্ট,লেচৱিং,প্লেয়িং টাইগাৰ আৰু টুইনী কেষ্টৰ সংৰক্ষণ কৰি ৰখা হৈছে।জানিব পৰা মতে, বিভিন্ন প্ৰজাতিৰ পখিলাৰ লেটাই ভিন্ন প্ৰজাতিৰ খাদ্য গছ যেনে নৰসিংহ,নেমু,বেল,কমলা,সোনাৰু,খৰ,এৰা,বনৰীয়া সৰিয়হ,আকন,জুমকালতা,,টাইন’ফৰা ইণ্ডিকা ইত্যাদি ভক্ষণ কৰে আৰু পখিলাৰ খাদ্যৰ বাবে চেনীৰ পানী ৰখা হৈছে।এই পখিলা উদ্যান সন্দৰ্ভত সংগ্ৰহালয়ৰ শিক্ষা বিষয়া প্ৰেমধৰ দাসে কয় যে পখিলাই হাবিত থকা বিভিন্ন প্ৰজাতিৰ গছৰ সংকেত দিব পাৰে।লগতে খাদ্য শৃংখল আৰু ফুলৰ পৰাগ যোগোৱাত সহায় কৰে।এই পখিলা উদ্যান বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী,গৱেষকসকলক অধ্যয়নৰ ক্ষেত্রত সহায়ক হৈছে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।লগতে তেওঁ কয় যে উদ্যানখনত গ্ৰীষ্ম কালত কুলাৰ আৰু শীত কালত হিটাৰ দি ৰখা হয়।আৰু পখিলা খুব বেছি ৩৫ দিনলৈকে জীয়াই থাকে।লগতে ২০২০ ৰ পৰিকল্পনা সন্দৰ্ভত সংগ্ৰহালয়ৰ প্ৰকল্প সমন্বয়ক বসুদেৱ মণ্ডলে জনায় যে অহা মাৰ্চ মাহৰ ভিতৰত সংগ্ৰহালয় চৌহদত এখন অৰ্কিড আৰু কেকটাচ গাৰ্ডেন,শিশু গেলাৰী আৰু গ্ৰেনাইট ৰিং ফাউণ্টেইন হোৱাৰ সম্ভাৱনা আছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত