ধুবুৰী জিলাৰ ২নং ধুবুৰী সমষ্টিৰ অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোক সভা নিৰ্বাচন,২০২৪ উপলক্ষে যাৱতীয় কাম-কাজৰ বুজ ল’বলৈ উপস্থিত হৈছে অসমৰ মাননীয় মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল । মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ধুবুৰী নিৰ্বাচনী জিলাত উপস্থিত হৈ বিএন কলেজত জিলা নিৰ্বাচনী বিষয়া ও ৰিটাৰ্ণি বিষয়া দিবাকৰ নাথ, নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰা বিষয়া ও অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰ, ধুবুৰী নিৰ্বাচনী বিষয়া মাছি টপনো, সহকাৰী ৰিটাৰ্ণিং বিষয়াসকল,নডেল বিষয়া ও অতিৰিক্ত আয়ুক্তসকল , নিৰ্বাচনৰ লগত সংগতি ৰখা বিভিন্ন কোষৰ বিষয়া সকলৰ লগত নিৰ্বাচনৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হৈ আৰু নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত জিলাখনৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ ওপৰত আলোচনা কৰে।বৈঠকৰ সমাপ্তিৰ পিছত বি এন কলেজত স্থাপন হোৱা ষ্ট্ৰং ৰুমৰ এলেকা, গণনা কেন্দ্ৰ, নিৰ্বাচন সামগ্ৰী বিতৰণ আৰু জমা কৰা কেন্দ্ৰৰ ব্যৱস্থা পৰিদৰ্শন কৰে আৰু লগতে নিৰাপত্তা সম্পর্কে বিভিন্ন পৰিস্থিতিৰ বুজ লয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ