ধুবুৰী জিলাৰ ২নং ধুবুৰী সমষ্টিৰ অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোক সভা নিৰ্বাচন,২০২৪ উপলক্ষে যাৱতীয় কাম-কাজৰ বুজ ল’বলৈ উপস্থিত হৈছে অসমৰ মাননীয় মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল । মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ধুবুৰী নিৰ্বাচনী জিলাত উপস্থিত হৈ বিএন কলেজত জিলা নিৰ্বাচনী বিষয়া ও ৰিটাৰ্ণি বিষয়া দিবাকৰ নাথ, নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰা বিষয়া ও অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰ, ধুবুৰী নিৰ্বাচনী বিষয়া মাছি টপনো, সহকাৰী ৰিটাৰ্ণিং বিষয়াসকল,নডেল বিষয়া ও অতিৰিক্ত আয়ুক্তসকল , নিৰ্বাচনৰ লগত সংগতি ৰখা বিভিন্ন কোষৰ বিষয়া সকলৰ লগত নিৰ্বাচনৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হৈ আৰু নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত জিলাখনৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ ওপৰত আলোচনা কৰে।বৈঠকৰ সমাপ্তিৰ পিছত বি এন কলেজত স্থাপন হোৱা ষ্ট্ৰং ৰুমৰ এলেকা, গণনা কেন্দ্ৰ, নিৰ্বাচন সামগ্ৰী বিতৰণ আৰু জমা কৰা কেন্দ্ৰৰ ব্যৱস্থা পৰিদৰ্শন কৰে আৰু লগতে নিৰাপত্তা সম্পর্কে বিভিন্ন পৰিস্থিতিৰ বুজ লয়।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল