অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কীয় এখন বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়া, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, অতিৰিক্ত আয়ুক্ত তথা মিডিয়া চাৰ্টিফিকেছন মণিট’ৰিং কোষৰ ন’ডেল বিষয়া কংকন শৰ্মাকে ধৰি কেইবাগৰাকী সংশ্লিষ্ট বিষয়াই অংশগ্ৰহণ কৰে। সভাত উপস্থিত জ’নেল বিষয়া, আৰক্ষী আৰু অসামৰিক উভয়ৰে চেক্টৰ বিষয়াসকলক ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ জিলা আয়ুক্তই আহ্বান জনায় । তেওঁ লগতে কয় স্বচ্ছ, নিকা, নিখুঁত নিৰ্বাচনৰ স্বাৰ্থত আমি প্ৰত্যেকেই ত্যাগৰ মনোভাৱেৰে ধৈৰ্য সহকাৰে নিৰ্বাচন আয়োগৰ সকলো নীতি-নিয়ম মানি নিজৰ কৰ্তব্য পালন কৰিব লাগিব। তদুপৰি নিৰ্বাচনৰ সময়ছোৱাত নিজৰ সংশ্লিষ্ট এলেকাৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চেক্টৰ আৰক্ষী বিষয়াসকলক আহ্বান জনায় । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ই ভি এম, নিৰ্বাচনী সামগ্ৰী আদিৰ বিতৰণৰ ব্যবস্হা কৰা হৈছে । সেইদৰে ভোটগ্ৰহণৰ অন্তত ই ভি এম গ্ৰহণ আৰু ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰতে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ