সোণাৰি মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা

0 239

সোণাৰিৰ যুৱক যুবতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ ব্যবস্থা লোৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ড্ৰীমছ জ’ন আই এ এছৰ উদ্যোগত আজি সোণাৰি মহাবিদ্যালয়ত এটা কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন হয়।সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙ। প্ৰশাসনিক সেৱা তথা প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হোৱা এই কৰ্মশালাটো উদ্বোধন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে।ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এই কৰ্মাশালাত মহাবিদ্যালয় খনৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে প্ৰশাসনিক সেৱা পৰীক্ষাৰ বাবে সাজু হব লাগে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয় ।

Leave A Reply

Your email address will not be published.