শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্তশঙ্কৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ সমাবৰ্তন সম্পন্ন

0 236

মহানগৰীৰ চানমাৰিস্থিত সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ সপ্তম সমাবৰ্তন-২০২১খন কালি ২৩ অক্টোবৰ শনিবাৰে শঙ্কৰদেৱ কলাক্ষেত্ৰৰ “শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয়(আন্তৰ্জাতিক) প্ৰেক্ষাগৃহত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হয়৷সম্পূৰ্ণ ক’ভিড বিধি মানি আয়োজন কৰা সমাবৰ্তনখনৰ কাৰ্যসূচীৰ আৰম্ভণিতে ১৯৬৮ চনতে প্ৰতিষ্ঠা হোৱা সঙ্গীত সত্ৰৰ উল্লেখযোগ্য -স্মৰণীয় কিছুমান দৃশ্য পৰ্দাযোগে প্ৰদৰ্শন কৰা হয়৷ইয়াৰ পাছতে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীয়ে কৰা বন্তি প্ৰজ্বলনৰে সঙ্গীত সত্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নক প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰা বিশিষ্ট সমাজসেৱক দ্ৰোণ কান্ত ভাগৱতীৰ সোৱঁৰণত সঙ্গীত সত্ৰই উছৰ্গা কৰা মঞ্চখন মুকলি হয়৷ সঙ্গীত সত্ৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত ভাৰ্চুৱেলি প্ৰদৰ্শিত হয় সঙ্গীত সত্ৰৰ প্ৰতিষ্ঠাৰ দিনা প্ৰয়াত নিকুঞ্জলতা মহন্তই পৰিবেশন কৰা এটি বৰগীত৷ সমাবৰ্তনখনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ ,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰ্তমানৰ সচিব মাধুৰীমা বৰুৱা সেন আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰী৷ সমাবৰ্তনখনত সঙ্গীত সত্ৰৰ সাধাৰণ সম্পাদক ৰঞ্জুমণি শইকীয়াৰ আদৰণি ভাষণৰ পাছতে সঙ্গীত সত্ৰৰ কাৰ্যকৰী সভাপতি অতুল্য মাধব গোস্বামীয়ে বক্তব্য প্ৰদান কৰে৷সত্যজিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত অৰুণাভ জ্যোতি মালাকাৰ,কংকন জ্যোতি শইকীয়া,বিশ্বজিত বৰদলৈয়ে কৰা খোল বাদন নিবিড় দেৱ শৰ্মাৰ বাঁহী আৰু জুৰি দাসৰ তাল সংগতৰে পৰিবেশিত হয়৷
অনুষ্ঠানৰ মাজতে সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ আচাৰ্য মূল কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীৰ এটি আশীষবাণী ভিডিঅ’যোগে সম্প্ৰচাৰো কৰা হয়৷ সঙ্গীত সত্ৰৰ সহকাৰী সম্পাদক গোপাল চন্দ্ৰ বৰদলৈয়ে সম্পাদনা কৰা সঙ্গীত সত্ৰৰ পুস্তিকাখনৰ শুভ উন্মোচন কৰে অসম চৰকাৰৰ
সাংস্কৃতিক সঞ্চালকালয়ৰ সচিব মাধুৰীমা বৰুৱা সেনে৷গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈয়ে আগবঢ়োৱা দীক্ষান্ত ভাষণয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায়৷ অনুষ্ঠানটিত ৰঞ্জুমণি শইকীয়াই সম্পাদকীয় প্ৰতিবেদনখনো পাঠ কৰে৷চাৰিশৰো অধিক শিক্ষাৰ্থীৰ প্ৰ পত্ৰ প্ৰদানকো সামৰি অনুষ্ঠিত এই সমাবৰ্তনখনত ইতিমধ্যেই দুটাকৈ ক’ভিড ভেক্‌চিন লোৱাৰ প্ৰমাণপত্ৰসহ উপস্থিত থকা শিক্ষাৰ্থীসকলক সঙ্গীত সত্ৰৰ তৰফৰ পৰা মাস্ক-চেনিটাইজাৰৰো যোগান ধৰা হয়৷উল্লেখ্য যে সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অন্তৰ্গ প্ৰায় ৩০০খন বিদ্যালয়ৰ ১৭২টা পৰীক্ষা কেন্দ্ৰৰ বিগত দুটা বৰ্ষৰ ‘গুণীন’ শিক্ষাৰ্থীসকলক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আৰু একোখন অংগবস্ত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰে ডিচ্‌টিংচন লাভ কৰা ৬৩ গৰাকী প্ৰশিক্ষাৰ্থীক এটি বিশেষ স্মাৰক প্ৰদান কৰা হয়৷অনুষ্ঠানটিত সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱবঁটা প্ৰাপক অঞ্জলী বৰবৰা বৰঠাকুৰ,মনোজ কুমাৰ দাস,কুলদীপ পাটগিৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ইয়াৰ উপৰিও সঙ্গীত সত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সঙ্গীত সত্ৰৰ যুটীয়া সম্পাদক পাৰ্থপ্ৰতীম বৰুৱাৰ লগতে মঃ ছাইফুল ইছলামকো সম্বৰ্ধিত কৰা হয়৷ অসমৰ লগতে ভাৰতৰ আন ৰাজ্যতো প্ৰশিক্ষণ কেন্দ্ৰ থকা সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক পদ্মশ্ৰী,সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত বায়নাচাৰ্য ঘনকান্ত বৰায়ো সমাবৰ্তনখনত ভাষণ প্ৰদান কৰে৷আজিৰ এই অনুষ্ঠানত সঙ্গীত সত্ৰৰ অধ্যক্ষ ৰিঞ্জুমণি শইকীয়া, সঙ্গীত সত্ৰ পৰীক্ষা পৰিষৰ সচিব নৱদেৱ কৃষ্ণশংকৰ ভাৰতী,দেৱশংকৰ বৰ্মন প্ৰমুখ্যে সংগীত সত্ৰৰ সদস্য তথা বহু গণ্য মান্য ব্যক্তি,শিক্ষাৰ্থী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.