শোণিতপুৰ জিলাৰ ঠেলামৰাৰ কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পল্লবী নেওগ বৰাই অসমৰ পৰা ২০২০ চনৰ ‘Global Teaching Excellence Award’ লাভ কৰিছে।বিগত বৰ্ষত কৰোনা অতিমাৰীৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ সময়ত অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই অহা সেৱা আৰু ইউ কে ত অৱস্থিত ‘হায়াৰ এডুকেচন একাডেমীয়ে’ আয়োজন কৰা কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত সম্পূৰ্ণ নিজা শৈক্ষিক কৌশলৰে ছাত্ৰ-ছাত্ৰীক স্বাবলম্বী হোৱাৰ কাৰণে আগবঢ়োৱা পৰামৰ্শ পত্ৰৰ বাবে তেখেতে এই বঁটা লাভ কৰিছে।লকডাউনৰ সময়চোৱাত বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীক স্বাৱলম্বী হবলৈ উৎসাহিত কৰাৰ কাৰণে ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ লগত আলোচনাত মিলিত হৈছিল। ইতিমধ্যে তেখেতে ‘সপোনৰ স্বাৱলম্বী অসম’ নামৰ কিতাপ এখনো লিখি উলিয়াইছে।তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন