কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে দাখিল কৰা বাজেটত কি কি বিষয়ে স্থান পালে

0 210

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে ২০২১-২২ বৰ্ষৰ বিত্তীয় বাজেট।কৰ’না কালৰ পিছত দাখিল কৰা এই বাজেট অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন দ্বিতীয়টো শাসনকালৰ দ্বিতীয় খন বাজেটত কি নতুনত্ব থাকিব তাক লৈ উতকন্ঠা অব্যাহত আছে।সমাগত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত তামিলনাডু, অসম আৰু পশ্চিম বংগত অৰ্থনৈতিক কৰিডৰৰ পৰিকল্পনা কৰা হৈছে।
বাজেটৰ গুৰুত্বপূৰ্ণ ঘোষণা-অসম, পশ্চিম বংগ আৰু তামিলনাডুৰ বাবে ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ পেকেজ ঘোষণা।৪.১২লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ ঘোষণা।স্বাস্থ্য খণ্ডলৈ অনুদান ১৩৭ শতাংশ বৃদ্ধি। স্বাস্থ্য খণ্ডৰ বাবে ২,২২,০০০ কোটি টকা ধাৰ্য। লোকপিয়লৰ বাবে ৩৭৬০ কোটি ধাৰ্য। পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল ডিজিটেল প্ৰক্ৰিয়াৰে হ’ব।
উচ্চ শিক্ষা আয়োগ গঠন কৰা হ’ব। লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।বাজেটত পি এম আত্মনিৰ্ভৰ সুস্থ ভাৰত যোঁজনাৰ বাবে ৬১৮০কোটি ধাৰ্য। কৰ’ণা ভেকচিনৰ বাবে ৩৫০০ কোটি ধাৰ্য।অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বাজেটত ৩৪হাজাৰ কোটি টকা ধাৰ্য কৰিছে। চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ভাৰতৰ প্ৰথম মানৱবিহীন মহাকাশযান ‘গগণযান’।কৃষকৰ বাবে ৭৫,১০০ কোটি টকা। কৃষি লোণৰ বাবে টকা ধাৰ্য্য কৰিছে ১৬.৫ লাখ কোটি টকা।ঘেঁহুৰ খেতিৰ বাবে ৭৫,০৫০ কোটি টকা ধাৰ্য।বাজেটত বাগানৰ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা ধাৰ্য।প্ৰদূষণ ৰোধ কৰিবলৈ ২০০০ কোটি ধাৰ্য।
এই বিত্তীয় বৰ্ষত দুটা চৰকাৰী বেংক আৰু এটা বীমা কোম্পানী Disinvestment কৰা হ’ব। চাৰিখন নেচ’নেল ইঞ্চটিউট অৱ ভাইৰ’লজি নিৰ্মাণ কৰা হ’ব।পুৰনি বাহনৰ বাবে স্ক্ৰেপ পলিচিৰ প্ৰস্তাব।১,৭২,৭৫২ কোটি টকা এম এছ পি দৰত কৃষকৰ ফচল ক্ৰয়ৰ বাবে ধাৰ্য। এইবাৰৰ বাজেটত বস্ত্ৰ উদ্যোগত গুৰুত্ব প্ৰদান।সাতখন মেগা টেক্সটাইল পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা।সৌৰশক্তিৰ বাবে ১০০০ কোটি টকা ধাৰ্য।তামিলনাডুত এক লাখ কোটিৰ ব্যয়েৰে ৩৫০০ কি মি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব।কেৰালাত ৬৫০০ কোটি টকা ব্যয়ৰে ১১০০ কি মি ৰাস্তা নিৰ্মাণ কৰা হ’ব।ভাৰতীয় ৰেলৰ বাবে এক লাখ দহ হাজাৰ কোটি টকা ধাৰ্য।
২০২৩ চনৰ ভিতৰত ১০০ শতাংশ ব্ৰডগজ ৰেললাইন কৰা হ’ব। জলসিঞ্চনৰ বাবে ৫০০০ কোটি ধাৰ্য।নতুন ফ্লেট কিনিলে দেৰ লাখ টকা (১.৫ লাখ) টকা পর্যন্ত কৰ ৰেহাই পাব। লগতে এই সুবিধা পান ২০২২ৰ মাৰ্চ মাহ পৰ্যন্ত।পশুপালকসকলৰ বাবে ৩০ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে। দেশত ১০০ খন নতুন সৈনিক স্কুল খোলা হ’ব।৭৫বছৰৰ ওপৰৰ বয়সীয়াল লোকসকলক এতিয়া টেক্সত ৰেহাই দিয়া হৈছে।অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৩৫হাজাৰ কোটি টকা ধাৰ্য।

Leave A Reply

Your email address will not be published.