৬০০ লেখক লেখিকালৈ ভাষা গৌৰৱ আঁচনিৰ অধীনত ৫০হেজাৰ টকাকৈ এককালীন সাহাৰ্য্য

0 269

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম ভাষা গৌৰৱ আঁচনি আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠান সমূহক আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবে ছাত্ৰ ছাত্ৰী সকলক বিত্তীয় অনুদান আগবঢ়ায়।
আনহাতে সেই অনুষ্ঠানতে নিজ নিজ ভাষাৰ উত্তৰণৰ বাবে আৰু অভিধান প্ৰণয়নৰ বাবে ২১ খন সাহিত্য সভাক ৪৩ কোটি টকা বিত্তীয় অনুদান প্ৰদান আগবঢ়োৱা হয়। ইপিনে বিভিন্ন ভাষা জনগোষ্ঠীৰ উত্তৰণৰ বাবে ভাষা গৌৰৱ আঁচনিৰ অধীনত ৬০০ গৰাকী লেখক ৫০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হয়।
অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, শিক্ষা অবিহনে কোনো ৰাষ্ট্ৰ,ৰাজ্য শক্তিশালী হ’ব নোৱাৰে। অসম চৰকাৰে সেয়ে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ কন্যা যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় আৰু সকলোৱে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি,ইউনিফৰ্ম আদি প্ৰদান কৰা হৈছে। সাহিত্য হৈছে জাতিৰ দাপোন। এটি জাতিত কি দূৰ্বলতা আছে, কি সামৰ্থ আছে সেয়া সাহিত্যত স্পষ্ট ভাবে প্ৰকাশ হ’ব লাগে।
অনুষ্ঠানত বিশিষ্ট অতিথি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি কয় য়ে – আমি গ্ৰহণ কৰা প্ৰত্যকটো আঁচনিৰ আঁৰতে একোটা আদৰ্শ লুকাই আছিলে । ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাক এক সুযোগ আনি দিব । আমি নিজৰ নিজৰ ভাষাত প্ৰাথমিক বিদ্যালয় পৰ্যন্ত শিক্ষা গ্ৰহন কৰিব পাৰিম । ভাৰতৰ সভ্যতাৰ বৈশিষ্ট হ’ল বাৰেৰহনীয়া সংস্কৃতি ।যেতিয়া এটা ভাষা লুপ্ত হয় তেতিয়া হ’লে ভাৰতবৰ্ষৰ সভ্যতাই নিজৰ এটা অংগ হেৰুৱায় ।
আনহাতে বিত্তীয় অনুদান প্ৰদান অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰাৰ লগতে জিলিকাব লুইতৰে পাৰ গীতটো পৰিবেশন কৰা হয়।

Leave A Reply

Your email address will not be published.