বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন

0 244

মঙ্গল বাৰে বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰিৱেশৰ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । জল আৰু জীৱৰ মাজৰ সম্পৰ্কৰ কথা দোহাৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে- ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ ৰাজ্যজুৰি বিস্তৃত আৰ্দ্ৰভূমিসমূহ পৰিকল্পিতভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা সমূহ ৰাইজে উপলব্ধি কৰিলেহে এই দিৱস উদযাপনৰ উদ্দেশ্য সফল হ’ব।
এই দিৱস উপলক্ষে কণ কণ শিশুসকলৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰষ্কাৰ বিতৰণ অনুষ্ঠানত ভাগ লয় । আমাৰ ভৱিষ্যত প্ৰজন্মই জলাহ ভূমিবোৰৰ প্ৰয়োজনীয়তা এতিয়াৰ পৰাই বুজি এই বিষয়ে সজাগ হ’ব বুলি আশা প্ৰকাশ কৰে।অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব শ্ৰী অবিনাশ যোশী, উচ্চপদস্থ বন বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.