হোলিৰ শুভকামনাৰে..

1 430

আজি ৰঙৰ উৎসৱ ফাকুৱা।দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে এই উৎসৱ উদযাপিত হোৱাৰ বাতৰি পোৱা গৈছে ।হোলি বা ফাকুৱা উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে, ইয়াৰ সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাৰ্শ্বিক কাৰক অন্তনিহিত হৈ আছে ।পুৰাণত উল্লেখ থকা অনুসৰি এই উৎসৱৰ লগত প্ৰহ্লাদ আৰু হিৰণাক্ষ্য কাহিনীও সংযুক্ত হৈ আছে।বৃন্দাবনত ৰাধা আৰু কৃষ্ঞই হোলি উৎসৱত আনন্দ কৰিছিল।হোলিয়ে মানুহৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী ডাল কটকটীয়া কৰি তোলে।ভেদাভেদ পাহৰি সমন্বয়ে জীয়াই থাকিবলৈ মিলনৰ সাঁকো গঢ়ে।হোলিৰ ৰঙৰে চালৰ বিভিন্ন ৰোগৰ বেক্টেৰিয়া নাশ কৰে বুলিও এটা বৈজ্ঞানিক ভিত্তিও পোৱা যায় ।ঠাই বিশেষে হোলি তিনিদিনীয়া, সাতদিনীয়া, অথবা দুদিনীয়াকৈ উদযাপিত হয়।হোলিৰ ৰঙে সকলোৰে মন উপচি পৰক ,তাকে কামনা কৰিলো ।হেপী হোলি।

1 Comment
  1. assamjobsinfo says

    Happy Holi.

Leave A Reply

Your email address will not be published.