প্ৰধানমন্ত্ৰীৰ আহ্বানক জনালে পূৰ্ণ সহাঁৰি

0 223

সম্প্ৰতি সময়ত ক’ৰণাই সমগ্ৰ বিশ্বতে  আতংকৰ সৃষ্টি কৰিছ। বিশ্বৰ আগশাৰীৰ প্ৰায়ভাগ দেশেই ক’ৰণাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে। ক’ৰণাই তাণ্ডৱ সৃষ্টি কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষও  অন্যতম ।
 
 
বিশ্বৰ দ্বিতীয় জনবহুল দেশ হিচাপে পৰিচিত ভাৰতত বৰ্তমান সময়ত ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে। ইতিমধ্যে সমগ্ৰ বিশ্বতে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ১২লাখ ৩হেজাৰ ১৮৮গৰাকী। ইয়াৰ ভিতৰত আৰোগ্য লাভ ২লাখ ৪৬হেজাৰ ৭৬০গৰাকী আৰু মৃত্যু ৬৪হেজাৰ ৭৪৭গৰাকীৰ।
 
 
 
ইতিমধ্যে বিশ্বৰ আন এখন উন্নত ৰাষ্ট্ৰ আমেৰিকাত ইয়াৰ আক্ৰান্তৰ সংখ্যা ৩লাখ ১১হেজাৰ ৬৩৭গৰাকী আৰু মৃত্যু ৮হেজাৰ ৪৫৪গৰাকীৰ। এইফালে ভাৰতত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ৪০৬৭গৰাকী। ইয়াৰে ভিতৰত ২৯২গৰাকী আৰোগ্য আৰু মৃত্যু ১০৯গৰাকী। উল্লেখ্য যে অসমত এতিয়ালেকৈ আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ২৬গৰাকী।
 
 
লক ডাউনৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ৫এপ্ৰিল তাৰিখে নিশা ৯বজাত ৯মিনিটৰ কাৰণে সমগ্ৰ ভাৰতবাসীলৈ আহ্বান জনাইছিল যে তেওঁলোকে নিজৰ নিজৰ ঘৰৰ লাইটসমূহ বন্ধ ৰাখে।
 
ইতিপূৰ্বেও যোৱা ২২মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল। সন্ধ্যা ৫বজাৰ লগে লগে সমগ্ৰ দেশবাসীকে ৫মিনিটৰ কাৰণে তালি বজাবলৈও কৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই দুয়োটা আহ্বানকে দেশৰ জনতাই  পূৰ্ণ সহাঁৰি জনায়। দেশৰ ভিন্ন প্ৰান্তৰ সাধাৰণ জনতাকে আদি কৰি দেশৰ চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা অভিনেত্ৰী সকলেও ইয়াত পূৰ্ণ সমৰ্থন জনায়। ইয়াৰ সমান্তৰালভাৱে অসমৰো ভিন্ন প্ৰান্তৰ মানুহে ইয়াৰ সমৰ্থন জনাই ৯মিনিটৰ কাৰণে বন্তি প্ৰজ্বলন কৰে।

Leave A Reply

Your email address will not be published.