হোজাই আৰু নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ পৰ্য্যালোচনা মুখ্যমন্ত্ৰীৰ

0 250

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত পৰ্যালোচনা কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হয়। এই বৈঠকত ক’ৰণা ভাইৰাছৰ গ্ৰহণ কৰা লকডাউন কাৰ্যসূচী সফলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে লোৱা ব্যৱস্থাৱলী সমূহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰে। 
বিধায়ক শিলাদিত্য দেৱ, বিমল বৰা, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য বিভাগ সমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থকা পৰ্যালোচনা সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা লকডাউন কাৰ্য্যসূচীৰ বিষয়েও কয়।
 
 
বৈঠকত ৰাজ্যৰ প্ৰতিটো বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ ক্ষেত্ৰত প্ৰশাসনে দৃঢ়তাৰে পদক্ষেপ ল’ব লাগিব বুলি মন্তব্য কৰে।

ইয়াৰ পিছত সাংবাদিকৰে হোৱা কথা বতৰাত তেখেতে কয় যে বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিগৰাকী লোকে শৃংখলাৱদ্ধভাৱে তথা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি এই ২১দিনীয়া লকডাউন পালন কৰিছে তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ ১৩০কোটি জনতাক কৰা আহ্বান আজি সফল হৈছে। এনেধৰেণেৰে ১৪এপ্ৰিললৈকে লকডাউন কাৰ্যসূচী পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ সাংবাদিক সকলেও যথেষ্ট অৰিহণা আগবঢ়াইছে বুলি কয়। ইয়াৰ সমান্তৰাৰভাৱে ৰাজ্যৰ চিকিৎসক সমন্বিতে জৰুৰী বিভাগত কৰ্মৰত লোকসকলেও এই ভাইৰাছৰ বিৰুদ্ধে দিনে নিশাই সেৱা আগবঢ়াই আহিছে বুলি কয়।
 
লগতে  কয় যে ক’ৰণা ভাইৰাছক লৈ জনসাধাৰণ শংকিত হোৱাৰ কাৰণ নাই কিয়নো স্বাস্থ্য বিভাগে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা ইতিমধ্যে আগবঢ়াইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সামাজিক দুৰত্ব বজাই ৰাখিলে আমি ক’ৰণা ভাইৰাছক পৰাভূত কৰিব পাৰিম। হোজাই প্ৰশাসনেও ইয়াৰ ব্যৱস্থা কৰিছে লগতে প্ৰতিগৰাকী বিধায়কে ইয়াৰ কাৰণে দিনে নিশাই কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
 
ইয়াৰ পিছতে তেওঁ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰে আৰু চিকিৎসালয়ৰ আছুতীয়া কক্ষসমূহৰ লগতে ব্যৱস্থাৰাজি সমূহ পৰিদৰ্শন কৰে। 
 
 
নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা বৈঠকত জনসাধাৰণক যোগান ধৰা অত্যাৱশ্যকীয় সামগ্ৰী সন্দৰ্ভত পৰ্যালোচনা কৰে। জনসাধাৰণক যোগান ধৰিবলগীয়া উন্নত মানদণ্ডৰ সামগ্ৰী সমুহৰ মুল্যবৃদ্ধি সন্দৰ্ভত তীক্ষ্ণ নজৰ দিবলৈ খাদ্য আৰু যোগান বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, বিমল বৰা, উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি অন্যান্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.