অসম আৰক্ষীয়ে গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে

0 288

অসম আৰক্ষীয়ে  সংবাদ মাধ্যমলৈ এখন জাননী প্ৰেৰণ কৰিছে।জাননীখনত কোৱা হৈছে যিসকল লোকে দিল্লীৰ নিজামুদ্দিন মাৰকাজত অংশ গ্ৰহণ কৰি অসমলৈ আহিছে অথবা ক’ভিড ১৯ত সংক্ৰমিত বুলি ভবা হৈছে।
 
 
তেখেত সকলে ৰাতিপুৱা ৬বজাত সমীপৱৰ্তী চিকিৎসালয়ত এজন এজনকৈ যোৱাৰ বাবে আহ্বান জনাইছে ।অথবা ১০৪নম্বৰত যোগাযোগ কৰি বিভাগীয় কৰ্তৃপক্ষক স্বাস্থ্যৰ সবিশেষ জনাব পাৰে ।
 
যদিহে কোনোৱে ৭এপ্ৰিলৰ ৰাতিপুৱা ৬বজাৰ ভিতৰত কৰ্তৃপক্ষক অৱগত নকৰে তেনে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদিহে ব্যক্তিগৰাকীয়ে তেওঁৰ ভ্ৰমণ কাহিনীৰ বিষয়ে নজনায় তেতিয়াহ’লে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ২০০৫চনৰ আইনখনৰ সহায়ত তথা আই পি চি ধাৰাত মানুহজনৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
 
অসম আৰক্ষীয়ে সেই সকল লোকক ধন্যবাদ জনাইছে যিসকলে সামাজিকভাৱে দায়ৱদ্ধ আৰু প্ৰয়োজনীয় সকলোবোৰ তথ্যই ইতিমধ্যে জনসাধাৰণৰক অৱগত কৰিছে।

Leave A Reply

Your email address will not be published.