বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

0 358

১৯৯৯ চনত সংঘটিত হোৱা কাৰ্গিলৰ যুদ্ধত ভাৰত তথা  অসম গৌৰৱ ১৭নং গাড়ৱাল ৰাইফলছৰ কেপ্তেইন জিণ্টু গগৈ শ্বহীদ হৈছিল।দেশ মাতৃৰ সু সন্তান এইগৰাকী বীৰ পুত্ৰ গৰাকীৰ আজি ২১সংখ্যক মৃত্যু দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰাই চ’চিয়েল মিডিয়া যোগে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 
 
বীৰ শ্বহীদ জিণ্টু গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ সুৰক্ষাৰ বাবে বীৰদৰ্পে যুঁজি প্ৰাণ আহুতি দিয়া কেপ্তেইন জিণ্টু গগৈৰ অদম্য সাহসিকতা আৰু মহান ত্যাগ আমাৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ উৎস। কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ গৰাকীলৈ মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।
 
 
আনহাতে কৃষিমন্ত্ৰী অতুল বৰাই বীৰ শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে বীৰ চক্ৰ সন্মানেৰে বিভূষিত অসমৰ বীৰ সন্তান গৰাকীৰ দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠা নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব।
 
 
উল্লেখ্যযোগ্য যে কাৰ্গিল যুদ্ধৰ সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছিল অসমৰ বীৰ সন্তান জিণ্টু গগৈক। দেশমাতৃৰ হকে সেই দায়িত্ব অকণো কুণ্ঠাবোধ নকৰাকৈ নিষ্ঠা সহকাৰে পালন কৰিবলৈ যোৱাৰ সময়তে তেখেত শ্বহীদ হয়। স্মৰ্তব্য যে ১৯৯৯ চনৰ ২৬ জুলাইত হোৱা কাৰ্গিলৰ যুদ্ধত চিৰবৈৰী দেশ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰিছিল। সেই বৰ্ষৰে স্বাধীনতা দিৱসৰ দিনা কেপ্তেইন জিণ্টু গগৈৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা কৰি মৰোণোত্তৰভাৱে বীৰ চক্ৰ সন্মানেৰে সন্মানিত কৰা হয়।

Leave A Reply

Your email address will not be published.