মহানগৰীৰ লকডাউনত কি কি নিৰ্দেশনা জাৰি কৰিছে

0 268

গুৱাহাটী মহানগৰীত ভয়ংকৰভাৱে বৃদ্ধি পোৱা ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ১২জুলাইৰ পৰা পুনৰ লকডাউন ঘোষণা কৰিছে। এই লকডাউন ১৯জুলাই সন্ধিয়া ৭বজালৈ বাহাল থাকিব। এই ঘোষণা ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ। লকডাউনৰ সময়ছোৱাত পূৰ্বৰ তুলনাত এইবাৰ কিছু শিথিলতা প্ৰদান কৰা হৈছে।
• লকডাউনৰ এই সময়ছোৱাত কোনো লোকে বিনা কাৰণত চলা-ফুৰা কৰিব নোৱাৰিব। এই সময়ছোৱাত স্বাস্থ্য সংক্ৰান্তীয় বিষয় সমূহৰ বাদে মহানগৰীত সকলো ধৰণৰ ব্যক্তিগত বাহনৰ চলাচল বন্ধৰ ঘোষণা।
• চৰকাৰী তথা ব্যক্তিগত সকলোধৰণৰ কাৰ্যালয় লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব।
• মহানগৰীত গেলামালৰ দোকান সমূহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ৯বজাৰ পৰা বিয়লি ৪বজালৈ খুলিব পাৰিব। ইয়াৰ উপৰিও মহানগৰত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি শ্বপিং মল সমূহ বন্ধ থাকিব।
• কোনোধৰণৰ উদ্যোগ-প্ৰতিষ্ঠানত যদিহে কিবা নতুন কাম আৰম্ভ হৈছে সেয়া বন্ধ হ’ব আনহাতে পুৰণা কামবোৰ চলি থাকিব।
• এই সময়ছোৱাত ৰাজহুৱা যাতায়াত সমূহ বন্ধ থাকিব।
• শিক্ষানুষ্ঠান, ক’চ্চিং ক্লাচ, ট্ৰেইনিঙৰ লগতে বিভিন্নধৰণৰ গৱেষণাৰ কাম সমূহ বন্ধ থাকিব।
সমান্তৰালভাৱে ধৰ্মীয় অনুষ্ঠান সমূহ বন্ধ থাকিব।
• মৃতকৰ শেষকৃত্য অনুষ্ঠানত ২০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
• ৰাজহুৱা স্থানত কোনো লোকে থু খেকাৰ পেলালে জৰিমনা বিহা হ’ব।
• সুৰা, গুটখা, পান মচলা জাতীয় ধুম্ৰপানৰ সামগ্ৰী সমূহৰ ৰাজহুৱা স্থানত বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে নিষেধাজ্ঞা।
• ৰাজ্যৰ সামৰিক বাহিনী, কেন্দ্ৰীয়-ৰাজ্যিক অৰ্ধসামৰিক বাহিনী, আৰক্ষী, জিলা দণ্ডাধীশ, অগ্নি নিৰ্বাপন, দুৰ্যোগ ব্যৱস্থাপনা, বিদ্যুত্‍, পানী আৰু সংবাদ মাধ্যমত কৰ্মৰত লোকসকলে এই সময়ছোৱাত সেৱা অব্যাহত ৰাখিব পাৰিব।
• লকডাউনৰ সময়ছোৱাত ফাৰ্মাচী সমূহ খোলা থাকিব।
• লকডাউনৰ এই সযয়ছোৱাত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ৮বজাৰ পৰা দিনৰ ২বজালৈকে জিলা উপায়ুক্তই নিৰ্বাচন কৰি দিয়া দোকানী সকলে ঘৰে ঘৰে গৈ ফল-মূল আৰু শাক-পাচলি বিক্ৰী কৰিব পাৰিব।
• পুৱা ৮বজাৰ পৰা দিনৰ ২বজালৈ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ ই কমাৰ্চৰ জৰিয়তে ফল-মূল, শাক-পাচলি বিক্ৰী কৰিব পাৰিব।
• কেৱল ১০ শতাংশ বেংক আৰু ইঞ্চুৰেন্স কোম্পানীয়েহে এই সময়ছোৱাত সেৱা আগবঢ়াব পাৰিব।
• এই সময়ছোৱাত চিলিণ্ডাৰ সমূহ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.