ফটোগ্ৰাফী ক্লাব অৱ অসমৰ অনলাইন প্ৰদৰ্শনী আয়োজন

0 249

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পোহৰ ডিজিটেল ২০২০’ শীৰ্ষক শিৰোনামাৰে ফটোগ্ৰাফী ক্লাব অৱ অসমে  প্ৰথমবাৰৰ বাবে অনলাইন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ক’ৰণা ভাইৰাছৰ বাবে জাৰি থকা চৰকাৰী নিষেধাজ্ঞা তথা স্বাস্থ্য সংক্ৰান্তীয় সতৰ্কতা মূলক বিধি সন্মত নিয়মাৱলীৰ বাবে এইবাৰ অনলাইন ৱেব পৰ্টেলৰ জৰিয়তে  অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই প্ৰদৰ্শনী খনত যোগদানৰ অন্তিম দিন ১০আগষ্ট।
 
 
ফটোগ্ৰাফীক ক্ষেত্ৰ খনত এক লাখতকৈয়ো অধিক সদস্যৰে মহীয়ান ফটোগ্ৰাফী ক্লাব অৱ অসম দেশৰ এক অন্যতম সক্ৰিয় অনুষ্ঠান। দেশৰ বিভিন্ন প্ৰান্তৰ ৮,০০০ ৰো অধিক ব্যক্তি এই ক্লাৱত সদস্য হৈ আছে। উল্লেখ্য যে প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰি ফটোগ্ৰাফী ক্লাব অৱ অসমে কেইবা বাৰো  শীৰ্ষ ক্লাবৰ শিৰোনাম আজুৰি অনাবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.