মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ এন আৰ এলৰ কৰ্মচাৰীবৃন্দৰ ২০.২৮ লাখ টকা বৰঙণি

0 252

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ এন আৰ এলৰ কৰ্মচাৰী সকলে ২০.২৮ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। এই চেকখন পি এছ ইউটোৰ মহিলা কৰ্মচাৰী সকলৰ লগতে এন আৰ এলৰ পৰিচালন সঞ্চালক এচ কে বৰুৱাই মুখ্যমন্ত্ৰীক আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত প্ৰদান কৰে।
 
 
 
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়োৱা ২০.২৮ লাখ টকা হৈছে এন আৰ এলৰ কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা।ইতিপূৰ্বেও ৩ এপ্ৰিলত ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা জৰুৰীকালীন অৱস্থা সৈতে মোকাবিলা কৰিবলৈ পাঁচ কোটি টকা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰু অসম আৰোগ্য নিধিলৈ সমভাৱে বিতৰণ কৰি  বৰঙণি আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.