পলাশবাৰীত মহিলাসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰিলে ড° সুনীতা চাংকাকতিয়ে

0 228

পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন পঞ্চায়তৰ অধীনৰ গাঁও সমূহত ১৩ আৰু ১৪ ছেপ্টেম্বৰত মহিলা সকলৰ মাজত সজাগতা সভাৰ লগতে মতবিনিময় কৰে অসম শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা তথা বিজেপি নেত্ৰী ড° সুনীতা চাংকাকতিয়ে। সমষ্টিটোৰ ৰাজাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰঙামাটি গাৱঁত উপস্থিত হৈ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মী সকলোৰ সৈতে মতবিনিময় অনুষ্ঠানত ভাগ লৈ ড° চাংকাকতিয়ে স্থানীয় লোক সকলোৰ সংস্কৃতিৰ বিষয়ে বুজ লয়৷
 
 
আনহাতে ২৫ বছৰ ধৰি স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে অঞ্চলটোত কৰি অহা উন্নয়ন মূলক কামকাজ সমূহৰ প্ৰসংগ উত্থাপন কৰি অঞ্চলবাসীৰ সৈতে গঢ়ি উঠা আত্মীয়তাৰ কথা দোহাৰে ৷ ইফালে  এগৰাকী বিজেপিৰ কৰ্মকৰ্তা হিচাপে শাসনাধিষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে ৰূপায়ণ কৰি অহা জনকল্যাণ মূলক আঁচনি সমূহৰ বিষয়েও ব্যক্ত কৰে। বিশেষকৈ চৰকাৰে মহিলা তথা পুৰুষ সকলোৰ বাবে আগবঢ়াই অহা  সুকীয়া আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত কৰণীয় দিশ সমূহৰ বিষয়ে বিতংভাবে বুজাই দিয়ে।
 
 
মহিলা সকলে আত্মসহায়ক গোটৰ জৰিয়তে চৰকাৰী আঁচনিৰ ধন লাভ কৰি কৃষি কৰ্ম, হাঁহ কুকুৰা পালনকে ধৰি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায়। এইক্ষেত্ৰত তেওঁ সকলো দিশত সহযোগিতা আগবঢ়াব বুলিও আশ্বাস দিয়ে। ইফালে নৱ কুমাৰ দাস, হেমন্ত ৰাভা, কমলেশ্বৰ ৰাভাকে ধৰি বুথ পৰ্যায়ৰ কৰ্মকৰ্তা সকলে ড° চাংকাকতিয়ে অঞ্চলটোত আগৱঢ়াই অহা সহায় সহযোগিতা আৰু আত্মীয়তাৰ প্ৰসংগ উল্লেখ কৰি বিশেষভাৱে শলাগ লয় ৷ তদুপৰি বিজেপি নেত্ৰী গৰাকীয়ে বিৰোগাঁৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকাটো মতবিনিময় কৰে।
 
 
উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত বিভিন্ন মহিলা আত্মসহায়ক গোট সমূহক চৰকাৰৰ মহিলা আঁচনি, অৰুণোদয় আঁচনিৰ লগতে শিশু সুৰক্ষা বিষয়ে আলোকপাত কৰে। উক্ত সভা তথা মতবিনিময় পৃথকে পৃথকে কৰা অনুষ্ঠানত হাৰোপাৰা, সৰপাৰা, বিৰোগাঁও, ৰাজাপাৰা, বাগান আদি অঞ্চলৰ প্ৰায় ৪০০ পুৰুষ মহিলা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.