অসম দৰ্শন আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 258

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি হোজাই জিলা লামডিঙত অসম দৰ্শন আঁচনি অধীনত কালিবাৰী আৰু শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁঠনিত উন্নয়ন প্ৰকল্প আধাশিলা স্থাপন কৰে।উল্লেখযোগ্য যে অসম দৰ্শন আঁচনি অধীনত দুয়োটা মন্দিৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে প্ৰত্যেককে দহ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে।
 
 
আনহাতে লামডিং নামঘৰত সেৱা আগবঢ়াই তাত উপস্থিত থকা ভক্তগনক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মঠ-মন্দিৰ, সত্ৰ-দেৱালসমূহৰ বিকাশ আৰু সংৰক্ষণ বাবে ৰাজ্য চৰকাৰে অসম দর্শন আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে । স্বাধীনতা ৭০ বছৰ পিছত প্ৰথমবাৰৰ বাবে এনে ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন চহকী কৰি থৈ গৈছে। মহাপুৰুষগৰাকী সৃষ্টিৰাজিৰ মাজেৰে প্ৰবাহিত ভক্তসকলৰ মাজত মানৱীয় অনুভূতি বিচাৰি পোৱা যায়।মহাপুৰুষ গৰাকীয়ে যি বাণী অৰ্পন কৰি গৈছে তাৰ আধাৰত আমি এখন শক্তিশালী অসম নিৰ্মাণ কৰিব লাগিব।
 
মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰে ২০১৬ চনৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম মৰ্য্যদাৰ বাবে কাম কৰি আহিছে। আমাৰ মাজত থকা শক্তি,সম্পদ,আৰু সম্ভাৱনাক উজলাই তুলিবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।কৰ্ম জৰিয়তে এখন আদৰ্শ ৰাজ্য গঢ়ি তুলিব লাগিব।মুখ্যমন্ত্ৰীয়ে গুৰুজনাই দি যোৱা বাণীয়ে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সমাজ নিৰ্মাণ কৰিবলৈ সকলোকে আহ্বান জনায়।
 
ক’ৰণা ভাইৰাছ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে মাস্ক পৰিধান নকৰিলে সামাজিক দূৰত্ব বজাই নাৰাখিলে বিপদত পৰিব।সামাজিক দায়বদ্ধতাৰে স্বাস্থ্য বিধি মানি চলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
আজি এই অনুষ্ঠানত শিবু মিশ্ৰ,শিলাদিত্য দেৱ,ৰূপক শৰ্মা,ডিম্বেশ্বৰ দাস,অসম চেম্বাৰ্ছ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামী,হোজাই জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.