কেইগৰাকীমান ডিজাইনাৰৰ পূজাৰ প্ৰস্তুতি

0 212

পূজা মানেই যেন ৰং বিৰং অৰ্থাৎ ৰঙৰ সমাহাৰ। পূজাৰ সমান্তৰালকে ফেশ্বনৰ নামত চলে এক অঘোষিত প্ৰতিযোগিতা। বিশেষকৈ যুৱতী, মহিলা সকলে নানা ধৰণৰ পোচাকক পূজাৰ বতৰত প্ৰাধান্য দিয়া পৰিলক্ষিত হয়। তেনে কেইবিধমান ডিজাইনাৰে প্ৰস্তুত কৰা পোচাক এই লেখাটোত সন্নিবিষ্ট কৰা হ’ল।

আচলতে জনবিশ্বাস মতে ৰঙে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে। সঠিক ৰঙৰ পোচাক পৰিধান  কৰিলে বোলে দেৱী সন্তুষ্ট হয়। এইবাৰৰ পূজা ইন হোৱা কালাৰ সমূহ অন্যতম হ’ল “হালধীয়া আৰু ব্লু”। আনহাতে ষষ্ঠীত ৰঙা, সপ্তমীত ৰয়েল ব্লু, অষ্টমীত হট পিংক, নৱমীত পাৰপোল, দশমীত বগা ৰঙে এইবাৰ প্ৰাধান্য পাইছে।

PicsArt_09-24-06.01.21 

জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ লেখা গোস্বামীৰ মতে যিবোৰ পোচাক পিন্ধি আমি আৰামদায়ক অনুভৱ কৰিব পাৰো, সেইবোৰ পোচাককহে গুৰুত্ব দিয়া উচিত। এইবাৰ মই শাৰীৰ লগতে কটন, কুটা চাদৰৰ ডিজাইন কৰিছো আৰু বিশেষকৈ চাদৰৰ মাজৰ অংশত বিভিন্ন ডিজাইন কৰিছো. যাতে চাদৰ খন মেলি অথবা জাপি ল’লেও ডিজাইন খিনি ফুটি উঠে।

PicsArt_09-24-06.02.05

আনহাতে অতি কম দিনৰ ভিতৰতে কেৱল ফেচবুক পেজৰ জৰিয়তে এগৰাকী সফল ডিজাইনাৰ হোৱা জিনিমা মৃন্ময় চুতীয়া অন্যতম। তেখেতৰ লগত হোৱা এক বাৰ্তালাপত জানিবলৈ দিয়ে যে নুনি, কটন, চাদৰ মেখেলা খুবেই ভাল বিক্ৰী হৈছে। ইচ্ছুক সকলে তেখেতৰ  ফেচবুক পেজৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।

PicsArt_09-24-06.03.00

ইফালে ৰাষ্ট্ৰীয় বটা বিজয়ী ফেশ্বন ডিজাইনাৰ বিনীতা দত্ত চৌধুৰীৰ মতে এইবাৰ মই পৰম্পৰাগত ডিজাইন ৰাখি সৰু ল’ৰা ছোৱালীৰ পৰা আদি কৰি মহিলাৰ চাদৰ মেখেলা প্ৰস্তুত কৰিছো। গ্ৰাহকৰ সহাঁৰি খুবেই ভাল পাইছো।

 এয়া আছিল কেইগৰাকী মান ডিজাইনাৰৰ মনৰ কথা। ইচ্ছুক সকলে তেওঁলোকক ফেচবুকত Search কৰি অৰ্ডাৰ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.