বিশেষজ্ঞ চিকিৎসকৰ এপইণ্টমেণ্টৰ এপ মুকলি

0 207
IMG-20170923-WA0028
বিশেষজ্ঞ চিকিৎসকৰ এপইণ্টমেণ্টৰ বাবে এতিয়াৰে পৰা ৰোগী আৰু ৰোগীৰ অভিভাৱকে হাবাথুৰি খাব নালাগে। স্মাৰ্টফোনৰ বুটাম টিপিয়েই আপুনি জানিব পাৰিব বিশেষজ্ঞ চিকিৎসকৰ সবিশেষ, ল’ব পাৰিব এপইণ্টমেণ্ট। ৰোগী আৰু ৰোগীৰ অভিভাৱকে বিশেষজ্ঞ চিকিৎসকৰ সন্ধান আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইগৰাকীমান উদ্যমী যুৱকে এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছে। শণিবাৰে  “Book Dr” নামৰ ম’বাইল এপটো গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পিতালৰ প্ৰশাসক ডাঃ চিৰন্তন পাৰে এপটো মুকলি কৰে৷ জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, চম্পক শইকীয়া, পৰাণ পল্লৱ দত্ত, ডঃ নয়নমনি শইকীয়া,অধিবক্তা অজয় দত্ত প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে।  এপটো প্ৰস্তুতৰ আঁৰৰ দুই ব্যক্তি ক্ষিৰোদ কুমাৰ শইকীয়া আৰু বিদ্যৎ বিকাশ দাসে জনায় যে অদ্যপি এপটোৰ জৰিয়তে গুৱাহাটীস্থিত বিভিন্ন ৰোগৰ ৩০০ বিশেষজ্ঞ চিকিৎসকৰ সৈতে ৰোগীয়ে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিব পাৰিব।
  অসমলৈ সুনাম কঢ়িয়ালে নক্ষত্ৰগোষ্ঠীয়ে
ljdhqw
অসমৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰগোষ্ঠীয়ে “উৰিষ্যাৰ আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱত” আয়োজিত সৰ্বভাৰতীয় নাট আৰু নৃত্য প্ৰতিযোগিতাত তিনিটাকৈ পদক আনিবলৈ সক্ষম হৈছে। নাট প্ৰতিযোগিতা ভাৰতৰ ভিতৰতে ২য় স্থান লা ভ কৰে, হেৰাম্ব শৰ্মাই ২য়ে শ্ৰেষ্ঠ পৰিচালক আনহাতে বিহু নৃত্যত প্ৰথম স্থান দখল কৰাৰ লগতে এইবেলি মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্যৰে উৰিষ্যাবাসীক মুগ্ধ কৰিবলৈ সক্ষম হয়। নাট আৰু বিহু নৃত্য কেইটি উৰিষ্যাৰ প্ৰায় কেইখন বাতৰি কাকতৰ লগতে ইলেকট্ৰনিক সংবাদ মাধ্যমে প্ৰচাৰৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগতখনক এক সুকীয়া স্থান দিয়াৰ লগতে নক্ষত্ৰগোষ্ঠীয়ে অসমলৈ সুনাম কঢ়িয়াবলৈ আনিবলৈ সক্ষম হয় ।
খবৰ যুগুতালে- উৎপল বৰা আৰু নিতোপম মেধি
Leave A Reply

Your email address will not be published.