ন-প্ৰনালীৰে ৰন্ধা ঠাণ্ডা দিনৰ ৰেচিপি

0 294

ঠাণ্ডাৰ দিন কেইটা অলপ Uncommon, গৰমে গৰমে খাদ্য খাই ভাল লাগে নহয়নে? আচলতে এনে বতৰত বিভিন্ন পাচলি বজাৰত পোৱা যায়। তেনে কেইবিধমান ৰেচিপি আজি প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

লাই শাক আৰু আলুৰে কনীৰ আঞ্জা

IMG-20161208-WA0023

একদম কম তেলত ৰন্ধা মছলাবিহীন আঞ্জা । মিঠাতেল এচামোচ গৰম কৰি তাতে কুটি লোৱা আদা আৰু নহৰু দি আলুখিনি দি ভাজিব । আলু আধা সিজা হ’লে শাকখিনি দিব আৰু নিমখ দি দুই মিনিটমান লৰাই পানী দি উতলিব দিব । উতল আহিলে সিজুৱা কনী আৰু ধনীয়াপাত দিব । ভালকৈ উতলি তেল বিৰিঙিলে নমাই থব ।

বুট আৰু কণবিলাহী দি কচু ভাজি

IMG-20161208-WA0024

এমুঠি কচু অলপ নিমখ দি সিজাই পানী তুকি থব । একাপ কোমলাই থোৱা বুট কুকাৰত দুটা চিটি দি সিজাই লব । দুটা বা তিনিটা পিয়াজ আদা নহৰু আৰু জলকীয়া একেলগে মিক্সীত দি পেষ্ট বনাই ল’ব ।এতিয়া কেৰাহীত ৰিফাইন্ড তেল অকণ সৰহকৈ গৰম কৰি তাতে পিয়াজ আদা নহৰু পেষ্টখিনি দি লগত নিমখ আৰু হালধী দি ভালকৈ ভাজিব । আধাভজা হ’লে পাঁচ বা ছয়টা কণবিলাহী দিব । বিলাহী গলিলে সিজুৱা বুট আৰু কচুখিনি দি ভালকৈ লৰাই ঢাকোন লগাই দিব । মাজে মাজে লৰাই থাকিব । ভাজি তেল বিৰিঙিলে নমাই থব ।

মিছা মাছৰ কালিয়া

IMG-20161208-WA0025

পিয়াজ আদা, নহৰু, ইলাচি, লং আৰু অলপ ৰুকা নাৰিকল আদি একেলগে পেষ্ট বনাই মিঠাতেলত ভালকৈ ভাজিছো , আধাভজা হওঁতে অলপ দৈ ভালকৈ ফিটি মছলাৰ লগত ভাজিছো । লগত নিমখ হালধী আৰু জলকীয়া গুৰি দিছো । মছলা ভজা হওতে মাছখিনি দি অলপ দেৰি ভাজি একাপ পানী দি উতলিব দিছো । পানী শুকাই তেল বিৰিঙি উঠাত নমাই থৈছো । বিঃদ্ৰঃ যদি দৈ টেঙা হয় তেন্তে মছলাৰ লগত অলপ চেনি দিব ।

received_1264635963604183
সুজাতা পাঠক বৰা
Leave A Reply

Your email address will not be published.