প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী

0 45

অসমৰ পশুপালন ক্ষেত্ৰত কৃত্ৰিম প্ৰজনন সেৱাৰ শক্তিশালীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ সফল ৰূপায়ণ আৰু বিভাগৰ অন্যান্য আঁচনি সমূহৰ অগ্ৰগতি সম্পৰ্কীয় এক ৰাজ্যিক পৰ্যায়ৰ সজাগতা তথা পৰ্যালোচনা সভা আজি পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্বাচিত বহুমুখী পশুধন প্ৰজনন কৰ্মী চমুকৈ মৈত্ৰীৰ প্ৰশিক্ষণৰ উদ্বোধন কৰাৰ লগতে সদ্য প্ৰশিক্ষণপ্ৰাপ্ত বহুমুখী পশুধন প্ৰজনন কৰ্মীসকলক ভাট্টা, প্ৰমাণ-পত্ৰ আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰে। একেই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে আফ্ৰিকান ছোৱাইন ফিভাৰ, হাঁহ-কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা তিনিখন ‘আদৰ্শ পৰিচালনা পদ্ধতি’ আনুষ্ঠানিকভাৱে মুকলি কৰে। তদুপৰি, দুগ্ধ উৎপাদন সম্পৰ্কীয় পুস্তিকাৰো উন্মোচন কৰে
মন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণত মন্ত্ৰী নীলিমা দেৱীয়ে ৰাজ্যৰ পশুপালন খণ্ডৰ প্ৰসাৰ তথা আধুনিকীকৰণৰ জৰিয়তে ‌অধিক গতিশীল আৰু জনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বিভাগৰ পশু চিকিৎসক তথা ক্ষেত্ৰ কৰ্মীসকলে গ্ৰাম্যাঞ্চলত নিষ্ঠা আৰু সততাৰে নিজৰ নিজৰ সেৱা আগবঢ়াব লাগিব আৰু আমি পঞ্চায়তৰ সৈতে লগ লাগি পাৰস্পৰিক সহযোগিতাৰে কাম কৰিব লাগিব। অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কৈলাশ চান্দ চামৰিয়া, অসম পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰঞ্জন কলিতা, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শ‌ইকীয়া, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক ড০ জয়ন্ত কুমাৰ গোস্বামী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতি আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়াসকলৰ উপৰিও উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। অতিৰিক্ত মুখ্য সচিব কৈলাশ চান্দ চামৰিয়াই কয় যে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ উত্তৰণৰ বাবে বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা তৃণমূল পৰ্যায়লৈ সকলো কৰ্মচাৰীয়ে পাৰস্পৰিক যোগাযোগ আৰু সহযোগিতা ৰক্ষা কৰি দলবদ্ধভাৱে কাম কৰিব লাগিব। অনুষ্ঠানত, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান, কৃত্ৰিম প্ৰজনন, গাহৰি পালন আৰু আফ্ৰিকান ছোৱাইন ফিভাৰ, হাঁহ-কুকুৰা পালন, ভ্ৰাম্যমান পশুচিকিৎসা সেৱা আদি বিষয়ক কেইবাখনো তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ পৰিসংখ্যা, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান আদিৰ উপদেষ্টা জগত হাজৰিকাই দিল্লীৰ পৰা ভিডিও কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সম্প্ৰতি বিভাগত চলি থকা ৰাষ্ট্ৰীয় গোকুল অভিযান, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান, পশু-স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, ভ্ৰাম্যমান পশুচিকিৎসা গোট, ৰাষ্ট্ৰীয় পশুধন অভিযান, ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন আঁচনি আদিৰ পৰ্যালোচনা কৰা হয়।সভাৰ আদৰণি ভাষণ পাঠ কৰে বিভাগৰ সঞ্চালক ড০ জয়ন্ত কুমাৰ গোস্বামীয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় অসম পশুধন উন্নয়ন অভিকৰণৰ কাৰ্যকৰী প্ৰৱন্ধক ডাঃ মনোজ কুমাৰ গোস্বামীয়ে।

Leave A Reply

Your email address will not be published.