জুঁইয়ে পোৰা সোণ- প্ৰাঞ্জল

0 240

জীৱন বাটত সংঘাতে জুৰুলা কৰি তুলিছিল তেওঁক । ত্যাগ কৰিব লাগিছিল পৰিয়ালৰ আশা আকাংক্ষাৰ লগতে নিজৰ ভালপোৱাকো । আচলতে তেওঁ এগৰাকী উদ্যমী আছিল। কথাতে শুনা যায় উদ্যমীৰ জীৱনৰ পথ কেতিয়াও মৃসন নহয়। ব্যবসায়েৰে গঢ়ি তুলিব বিচাৰিছিল বিশাল সাম্ৰাজ্য । কেৰোণটো তাতে লাগিছিল। কিন্তু দৃঢ়মনা যুৱকজনে কোনো কাৰণতে বিচলিত হোৱা নাছিল। আৰু এটা সময়ত নিজাকে সমাজত সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। সেয়েহে আজি আপোনালোকৰ সন্মুখত তেঁওক পৰিচয় কৰি দিব লৈছো।

IMG-20161119-WA0007  

তেওঁ প্ৰাঞ্জল শইকীয়া, যোৰহাট ৰান্ধনিজানৰ বাসিন্দা । সৰুৰে পৰা প্ৰঞ্জল ব্যৱসায়ৰ প্ৰতি অধিক ধাউতি আছিল। যাৰ বাবে শিক্ষা জীৱনত কৰ্মাচ অধ্যয়ন কৰাৰ লগতে ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল। যাৰ সুবাদতে প্ৰাঞ্জলে ব্যৱসায়ৰ বাবে লাগতিয়াল জ্ঞানেৰে সমৃদ্ধ হৈ জৰিত হৈছিল BBC Spoken English নামৰ শিক্ষা প্ৰতিষ্ঠানৰ লগত।

IMG-20161119-WA0008

কিছু বছৰ শিক্ষা প্ৰতিষ্ঠানটোৰ লগত জৰিত থকাৰ পিছত যোৱা বছৰৰ পৰা “Saikia India” নামৰ কোম্পানী আৰম্ভ কৰে । উল্লেখযোগ্য যে এই কোম্পানীৰ অধীনত দেৱান চাহ আৰু ধূপৰ লগতে Advertising Publishing, Event Management, শিক্ষা প্ৰতিষ্ঠান আছে।

স্মতৰ্ব্য যে প্ৰাঞ্জলৰ এই কোম্পানীৰ জৰিয়তে ২০ জন নিবনুৱা যুবক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

IMG-20161119-WA0009

জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিকুলতা নেওচি প্ৰাঞ্জল শইকীয়া শতযোজন আগুৱাই যাওক। আমাৰ বহু শুভকামনা থাকিল।

প্ৰিয় পাঠক আপুনি যদি এনে কোনো ব্যক্তিৰ কাহিনী জ্ঞাত, আমালৈ লিখিব পাৰে । আমাৰ ইমেইল [email protected] আপোনাৰ নাম ঠিকনা আমাৰ NEFOCUS ত প্ৰকাশ কৰা হ’ব।

Leave A Reply

Your email address will not be published.