সুখবৰ ! অসম সন্তান, দেশৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীয়ে অভিলেখ সংখ্যক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত উদ্ধৱ ভৰালী কোন আৰু কামৰ বিষয়ে নজানা মানুহ বিশ্বত খুব কম সংখ্যকেহে আছে। ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁ বিশেষভাবে সমাদৃত। ন ন উদ্ভাৱনেৰে বিশ্বত চমক খোৱাবলৈ সক্ষম হোৱা ভৰালীৰ শেহতীয়াকৈ National Film Division India ই প্ৰথমখন তথ্যচিত্ৰ ৰ্নিমাণ কৰিছে। ইতিমধ্যে এই তথ্যচিত্ৰখন মুক্তিৰ বাবে কেন্দ্ৰীয় চেঞ্চৰ বৰ্ডে অনুমোদন জনাইছে। স্মতৰ্ব্য যে ১৯৮৮ চনৰ পৰা তেখেতে ১৩৫ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে । NE Focus ৰ সৈতে হোৱা এক কথোপকথনত ভৰালীয়ে এনে দৰে কয় – বৰ্ত্তমান ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা খুৱেই ভাল ধৰণে সহাঁৰি পাই আহিছো। আন্তৰাষ্ট্ৰীয় হিষ্ট্ৰী চেনেলে অ’এম. জিৰ জৰিয়তে আদৰি লৈছে। ইতিপূৰ্বে ডিছক’ভাৰী চেনেলেও ইউ, কে বি এগ্ৰটেক আৰু মেচিন গবেষণাৰ কেন্দ্ৰত উপস্থিত হৈ উদ্ভাৱনী বিষয়ে সম্প্ৰচাৰ কৰি আহিছে। স্মতৰ্ব্য যে উদ্ভাৱকজনৰ পৰা লাভ কৰা তথ্য অনুসৰি চেভিং গ্ৰেচ তথা আৰ্শীবাদ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি মুক্তিৰ বাবে সাজু কৰিছে। উল্লেখযোগ্য যে এই তথ্যচিত্ৰ খনত ভৰালীৰ বিভিন্ন উদ্ভাৱনী যন্ত্ৰৰ বিষয়ে সন্নিবিষ্ট আছে। স্বদেশ প্ৰেমী এইজন সুসন্তানক এইক্ষণত nefocus য়ে জনাইছে বহু শুভকামনা।
Trending
- সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল কাটাৰীয়াৰ
- নিউ গুৱাহাটী বি জি যাৰ্ডত পৰিবহণ বিভাগৰ উদ্যোগত যান- বাহনৰ ৰেহাই আঁচনি বিষয়ক সজাগতা সভা
- কামৰূপ মহানগৰ জিলাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা
- ‘স্মৃতিৰ সঁফুৰা’ আনুষ্ঠানিক শুভ উন্মোচন
- খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত গান্ধী জয়ন্তী উদযাপন
- সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ সভা
- নগাঁৱত আন্তজাতিক অহিংস দিৱস উদযাপন
- স্বচ্ছতাক দৈনন্দিন জীৱনশৈলীৰ অংশ কৰি তুলিলে দেশৰ উন্নয়ন ত্বৰান্বিত হ’ব – কেশৱ মহন্ত
- আয়ুস্মান ভৱ অভিযানৰ অধীনত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
- স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণেৰ স্বচ্ছতাই সেৱা কাৰ্যসূচীলৈ অসমৰ উৎসাহজনক সঁহাৰি