বিশ্ব হৃদ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ বিশেষ পদক্ষেপ ,বিভিন্ন ঠাইত স্বাস্থ্য সজাগতা অনুষ্ঠান

0 286

অহা ২৯ ছেপ্টেম্বৰত বিশ্ব হাৰ্ট দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল জিএনআৰচি হাস্পতালে হৃদযন্ত্ৰৰ ৰোগ নিৰাময়ৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।সমাজৰ প্ৰতিগৰাকী ব্যক্তিক সজাগ কৰি নিজৰ হাৰ্টৰ সুৰক্ষাৰ বাবে নিজকে দায়বদ্ধ নাগৰিক হিচাবে গঢ়ি তোলাৰ উদ্দেশ্যে ছেপ্টেম্বৰ মাহটোত অনুষ্ঠিত হ’বলগীয়া বিশ্ব হাৰ্ট দিৱসৰ লগত সংগতি ৰাখি প্ৰচাৰ মাধ্যমৰ বিভিন্ন অনুষ্ঠানত জিএনআৰচি হাস্পতাল কেইবাগৰাকীও জ্যেষ্ঠ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে।
তেজত অতিৰিক্ত LDL কলেক্টৰেল থকাৰ ফলত ধমনীত তেজৰ চলাচলত ব্যাঘাত জন্মে।এনে কলেক্টৰেলক বেয়া কলেক্টৰেল বুলি কোৱা হয়।ইয়াৰ বিপৰীতে HDL এ ধমনীৰ পৰা কলেক্টৰেল আঁতৰাই লিভাৰলৈ ঘূৰাই নিয়ে।তদুপৰি HDL এ অতিৰিক্ত কলেক্টৰেল মাত্ৰা নিয়ন্ত্ৰণ কৰি সম্ভাব্য বিপদৰ পৰা মানুহক ৰক্ষা কৰে।সেয়ে ইয়াক ভাল কলেক্টৰেল বুলি কোৱা হয়।ইয়াতে মনত ৰাখিব লাগিব যে HDL ৰ পৰিমাণ কমি গ’লে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বাঢ়ি যায়।তথ্য অনুসৰি, তেজৰ কলেক্টৰেল পৰিমাণ কমিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে।আনহাতে কলেক্টৰেল পৰিমাণ পৰিমিত হ’লে এথেৰোস্কেৰোচিছ প্ৰতিৰোধ কৰিব পাৰে।সেয়েহে কলেক্টৰেলৰ পৰিমাণ কম হ’লে খুবেই ভাল।উচ্চ কলেক্টৰেল হাৰ্ট এটেকৰ প্ৰধান কাৰক।এইদৰে প্ৰচাৰ মাধ্যমৰ জৰিয়তে উল্লেখ কৰে জিএনআৰচি হাস্পতালৰ হৃদৰেখা বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৰে।
প্ৰতিবছৰে মুঠ ৩০ শতাংশ লোকৰ মৃত্যু হয় কেৱল হৃদৰোগজনিত কাৰণত।কৰ’নাৰী আৰ্টাৰী ৰোগ হ’ল ইয়াৰ প্ৰধান কাৰণ।কৰ’নাৰী আৰ্টাৰী ৰোগ বুলিলে আমাৰ হৃদপিণ্ডৰ ধমনী উপধমনীবোৰত কলেক্টৰেল জাতীয় পদাৰ্থ জমা হোৱাৰ ফলতে সৃষ্টি হয়।যাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অত্যাধিক হৈ পৰে।অৰ্থাৎ তেজৰ ধমনী সম্পূৰ্ণভাৱে বন্ধ হৈ যোৱাৰ বাবে হৃদযন্ত্ৰ বিফল হ’ব পাৰে।অত্যাধিক কলেক্টৰেল,মেদবহুতা, ধূমপান তথা মদ্যপান ,অত্যাধিক চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা,মানসিক চাপ, পৰিশ্ৰম অভাৱ,বয়স বৃদ্ধি আদিৰ ফলতেই প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগীৰ সংখ্যা।এইদৰে সমাজৰ প্ৰতিগৰাকী ব্যক্তিক হৃদৰোগৰ প্ৰতি সজাগ কৰি তুলিবলৈ প্ৰচাৰ মাধ্যমৰ জৰিয়তে পৰামৰ্শ আগবঢ়ায় জিএনআৰচি ছয়মাইল শাখাৰ হৃদৰেখা বিশেষজ্ঞ ডাঃ জয়ন্ত গগৈয়ে।
জিএনআৰচি হাস্পতাল জ্যেষ্ঠ হৃদশল্য বিশেষজ্ঞ ডাঃ ৰাজনীশ দুৱৰাই এক নিউজ পৰ্টেলৰ অনুষ্ঠানত হৃদৰোগৰ বিভিন্ন কাৰক সম্বন্ধে জনাই যে ডায়েবেটিছ হ’ল হৃদৰোগৰ প্ৰধান কাৰণ।ইয়াৰ ফলত শৰীৰৰ ৰক্ত ধমনীত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে।সেয়েহে ডায়েবেটিছৰ লগে লগে হৃদৰোগৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰিছে।আমাৰ আধুনিক জীৱনশৈলীও ডায়েবেটিছ বা হৃদৰোগীৰ সংখ্যা বৃদ্ধিৰ অত্যতম কাৰণ।এইখিনিতে উল্লেখ কৰিব পাৰি যে ৱৰ্ল্ড হাৰ্ট ফেডাৰেছনে জিএনআৰচি হাস্পতাল দ্বাৰা সামাজিক মাধ্যমত প্ৰচাৰিত এটি বিবৃতি তেওঁলোকৰ ৱেবচাইটত অন্তৰ্ভুক্ত কৰিছে।বিশ্ব হাৰ্ট দিৱসৰ উপলক্ষে জিএনআৰচি হাস্পতাল তৰফৰ পৰা এই সপ্তাহতে মাদাৰ্চ অল্ড এজ হোম’ আৰু গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।

Leave A Reply

Your email address will not be published.