কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-২০ বর্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি । সমগ্ৰ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মনোনীত কৰা এই সন্মানৰ জৰিয়তে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । এনে এক বার্তা লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় খনৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ স্বেচ্ছাসেৱক , কাৰ্যসূচী বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালবৰ্গ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে । উল্লেখনীয় যে এনে সন্মান লাভ কৰাৰ মূলতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ গঠনমূলক পৰামৰ্শ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ প্রচেষ্টা আৰু সবল নেতৃত্ব । লগতে স্বেচ্ছাসেৱক সকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু কৰ্ম দক্ষতাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আমন্ত্ৰণ মৰ্মে উপাচাৰ্য অধ্যাপক ডঃ সন্দিকৈ আৰু কাৰ্যসূচী সমন্বয়ক ডঃ কাকতিয়ে অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্টিতব্য এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰিব ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী