কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-২০ বর্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি । সমগ্ৰ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মনোনীত কৰা এই সন্মানৰ জৰিয়তে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । এনে এক বার্তা লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় খনৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ স্বেচ্ছাসেৱক , কাৰ্যসূচী বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালবৰ্গ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে । উল্লেখনীয় যে এনে সন্মান লাভ কৰাৰ মূলতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈৰ গঠনমূলক পৰামৰ্শ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ প্রচেষ্টা আৰু সবল নেতৃত্ব । লগতে স্বেচ্ছাসেৱক সকলৰ আশাসুধীয়া প্ৰচেষ্টা আৰু কৰ্ম দক্ষতাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আমন্ত্ৰণ মৰ্মে উপাচাৰ্য অধ্যাপক ডঃ সন্দিকৈ আৰু কাৰ্যসূচী সমন্বয়ক ডঃ কাকতিয়ে অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্টিতব্য এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰিব ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan