আলি আই লৃগাঙৰ কিছু পৰম্পৰা

0 134

আলি আই লৃগাং মিচিংসকলৰ এক মাত্ৰ কৃষিভিত্তিক উৎসৱ ।তেওঁলোকে ফাগুনৰ প্ৰথমটো বুধবাৰৰ দিনটো শস্য বা গুটি সিঁচাৰ পবিত্ৰ দিন হিচাপে গণ্য কৰে ।সেয়ে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটো এই উৎসৱ পালন কৰা হয় ।আলি আই লৃগাঙৰ অৰ্থ হ’ল আলি মানে আলু অৰ্থাৎ মাটিৰ তলত হোৱা  কাঠআলু,কচু,হালধি আদি; ‘আঃয়ে’ মানে মাটিৰ ওপৰত হোৱা গুটি বা ফল ধান,কঠাল,আম আদি লৃগাং মানে শস্য সিঁচাৰ আৰম্ভণি ।খেতিপথাৰত আগতীয়াকৈ হাল বাই চহাই প্ৰস্তুত কৰি ৰখা হয়।লৃগাঙৰ দিনা প্ৰতি ঘৰৰ মুৰব্বীজনে ৰাতিপুৱা পথাৰলৈ গৈ আগতে ঠিক কৰি ৰখা মাটিডৰাৰ এচুকত কোৰাই লৈ শস্য বা বীজ সিঁচা হয় ।শস্য সিঁচাৰ চাৰিওপিনে মেগেলা (পিঃৰ)ৰে বেৰাই দি ইষ্টদেৱতা চন্দ্ৰ,সূৰ্য্যক সাক্ষী কৰি পূৰ্বপুৰুষ সকলকো স্মৰণ কৰি মাংগলিক কাৰ্য্য সমাপন কৰি ঘৰলৈ ঘূৰি আহে।ঘৰত আহি দা,কোৰবোৰ তৰা পাতেৰে বান্ধি প্ৰথমে চাকি উলিওৱা ছাঁইমদ (পঃৰ আপং )ঢালি পূৰ্বপুৰুষ সকলক স্মৰণ কৰি অধিক শস্য ফচলৰ কামনা কৰে।ঠিক সেইদৰেই জুঁইশালতো ছাইমদ ঢালি মাংগলিক কাৰ্য্য কৰা হয়। তাৰ পাছতে ছাইমদৰ লগত পুৰাং আপিন (তৰা পাতেৰে বনোৱা পিঠা),মাছ,মাংস আদিক লৈ ওচৰ চুবুৰীয়াসকলকো নিমন্ত্ৰণ কৰি ভোজভাত খোৱা হয় ।সন্ধিয়া হোৱাৰ লগে লগেই গাঁৱৰ কণ,কণ লৰাবোৰে প্ৰতি ঘৰে ঘৰে গৈ ভোজভাত খাই ঘৰখনৰ বাবে আৰ্শীবাদ দি কয় যে পথাৰত যি শস্য এমুঠি সিঁচা হৈছে এমুঠিত শমুঠি হ’ব লাগে আৰু চৰাই চিৰিকতি,পোক পৰুৱাই কোনো অনিষ্ট সাধন কৰিব নালাগে ।”গাৱৰ ডেকা গাভৰুবোৰে ওৰে ৰাতি গুমৰাগ নৃত্য কৰি আনন্দ-উপভোগ কৰে ।গুমৰাগ নৃত্যৰো বিশেষত্ব আছে এই সময়ত বসুমতী আয়ে নিদ্ৰাত মগ্ন হৈ পৰে ।তেতিয়া গুমৰাগ নৃত্যৰ ভৰিৰ মৃদু আঘাতৰ জড়িয়তে বসুমতী আইক জগাই তুলাই হয় ,পথাৰত যি শস্য এমুঠি সিঁচা হৈছে তাক গৰ্ভত ধাৰণ কৰি উৎপাদন বৃদ্ধি কৰিব লাগে ।গুমৰাগ নৃত্যত এবিধ বৰ কাঁহ বজোৱা হয়,ইয়াৰ অৰ্থ ওপৰৰ মেঘক আহ্বান কৰা হয় যাতে পৃথিৱীলৈ বৰষুণ আনি শস্যৰ বীজবোৰ সোনকালে অংকুৰিত কৰে ।আলি আই লৃগাং উৎসৱ সাতদিন ধৰি পালন কৰে ।সেই সময়ৰ ভিতৰত কিছুমান খাদ্যসামগ্ৰী মজুত  ৰাখিব লাগে ।ডেকা-গাভৰুসকলে নৃত্য-গীত কৰি পোৱা ধনবোৰ বিহুৰ পাছত ভোজভাত খাই আনন্দ ফুৰ্ত্তি কৰি আলি আই লৃগাংক বিদায় দিয়ে ।সমূহীয়াকৈ ভোজভাতৰ আয়োজন কৰে ।যুগুতালে জ্যোতিষ কুমাৰ পাতিৰে..

Leave A Reply

Your email address will not be published.