ক্ৰমে যুদ্ধৰ দিশলৈ গতি কৰিছে ভাৰত আৰু পাকিস্তানৰ পৰিবেশ। কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত দিন দুপৰতে পাকিস্তানৰ উগ্রবাদীয়ে ২৭ জন পৰ্যটকক হত্যা কৰিছিল। তাৰ পাছৰে পৰা বিগত দুটা সপ্তাহ ধৰি যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে দুয়োখন পাৰমাণবিক শক্তিধৰ দেশ দুখনৰ মাজত। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সেনা বাহিনীক পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ পূৰ্ণ কর্তৃত্ব প্রদান কৰিছে। ইফালে যুদ্ধ আৰম্ভ হ’লে সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তি কিদৰে ৰক্ষা কৰিব লাগিব তাৰ বাবে ভাৰত চৰকাৰে গৃহ মন্ত্রালয়ে ৫ মে’ত দেশৰ সকলো ৰাজ্য কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ বিশেষ নির্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো ২০টা ঠাইত বিদেশী ৰাষ্ট্ৰৰ যিকোনো আক্ৰমণৰ পৰা নাগৰিকক সুৰক্ষাৰ বাবে যিকোনো বিশেষ প্রস্তুতিৰ অনুশীলন চলোৱা হ’ব। অসম চৰকাৰৰ আৰক্ষী বাহিনীৰ অধীনত থকা অসামৰিক প্ৰতিৰক্ষাৰ অধীনত ৰাজ্যৰ সবাতকৈ অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিশপুৰৰ উপৰি বঙাইগাঁও ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ আৰু নুমলিগড়ত ৭ মে’ত এই সর্তকতাৰ অনুশীলনত বা মক-ডীল অনুষ্ঠিত হ’ব। এই ১৬টা ঠাইত গৃহ মন্ত্রালয়ে ‘২’ কেটেগৰীত ৰাখিছে একেদৰে ‘৩’ কেটেগৰীত ৰখা চাৰিটা স্থান ক্রমে কোকৰাঝাৰ কাৰ্বি আংলং, গোলাঘাট আৰু দৰঙতো এই সতর্কতাৰ অনুশীলন অনুষ্ঠিত হ’ব। এই অনুশীলনত বিমান বা আকাশী আক্রমনৰ ঘটনা সংঘটিত হ’লে ছ’ইৰেন ব্যৱস্থাৰে নাগৰিকক সজাগ কৰা আৰু সেই আক্ৰমণৰ অসমত সাধাৰণ নাগৰিকত্ব জীৱনত সুৰক্ষাৰ বাবে ল’বলগীয়া ব্যৱস্থা অন্ধকাৰজনিত পৰিস্থিতি বা ব্লেক আউট হ’লে নাগৰিকক কিদৰে সুৰক্ষিত কৰা হ’ব তাৰ অনুশীলন কৰা হ’ব। জানিব পৰা মতে চাৰিফালে বিদেশী ৰাষ্ট্ৰৰে আৱৰি থকা অসম সহ উত্তৰ পূবৰ ৰাজ্য কেইখনৰ নাগৰিকৰ নিৰাপত্তাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। যাৰ বাবে অসমৰ ২০টাকৈ গুৰুত্বপূৰ্ণ সতর্কতাৰ অনুশীলন কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে নিৰ্দেশনা জাৰি কৰিছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan