আজি পবিত্ৰ ঈদ-উজ-জোহা। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে এই উৎসৱ পালন কৰিছে। ভাতৃত্ববোধ, ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকি বহন কৰা এই উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সহযোগত ঈদৰ নামাজ সম্পন্ন হয়। দেশৰ সকলো জনগোষ্ঠীৰ মাজত এক শান্তিৰ বাতাবৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ পালন কৰিছে। এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ঈদগাহ মৈদান বোৰত ওখল-মাখল পৰিবেশৰ। আনন্দ উৎসৱৰ দিনা পুৱাতে উঠি সকলোৱে ফজৰৰ নামাজ পঢ়ি কৰি কৱৰস্থানত গৈ মৃতকৰ আত্মাৰ শান্তি বিচাৰি ভগবান বা আল্লাহৰ ওচৰত দোৱা মাগে। সকলোৱে ওচৰ চুবুৰীয়াৰ ঘৰত গৈ মিঠাই খাই নতুন নতুন সাজ পাৰ পিন্ধি ঈদ উজ জোহাৰ দুই ৰাকাত নামাজ পঢ়াৰ কৰাৰ উদ্দেশ্যেৰে ঈদগাহ মৈদানলৈ ৰাওনা হয়। আনন্দত ইজনে সিজনক আলিংগন কৰে। দুই ৰাকাত ঈদৰ নামাজ পঢ়ি কোৰবানীত অংশ লয়। তাৎপৰ্য্যপূৰ্ণ কথা হ’ল বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সকলোকে আৰ্থিক দিশত যথেষ্ট পৰিমাণে জুৰুলা কৰিলেও দিয়াত ঈদৰ আনন্দ-উছাহত ভালেখিনি ম্লান হোৱা নাই। ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটিবোৰে ঈদগাহ ময়দান আৰু মছজিদসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰিও ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জনোৱাৰ লগতে চৌপাশে এক মনোমোহা পৰিবেশৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে। ইফালে, নিজৰ পৰিয়াল তথা প্ৰিয়জনক বস্ত্ৰ উপহাৰ দিয়া আৰু পবিত্ৰ ঈদ-উজ-জোহাৰ দিনটোত এসাজ ভালদৰে খোৱাৰ উদ্দেশ্যে দোকান-বজাৰৰ প্ৰতিটো গলিয়ে গলিয়ে আজি যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয়।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান