সততে বাতৰিত বিভিন্ন আৰক্ষী বিষয়াৰ অপবাদহে শুনা যায়, কিন্তু এই অপবাদৰ সোতৰ বিপৰীতত অৱস্থান কৰি সংবাদ শীৰ্ষ দখল কৰিছে দুধনৈৰ এগৰাকী বিষয়াই ৷ “গছ থাকিলেহে মানুহ থাকিব” এই কথাষাৰ শিৰোগত কৰি আগবাঢ়িছে মুকুট কাকতি নামৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷ তেখেতে দুধনৈ আৰক্ষী থানালৈ প্ৰায় ডেৰ বছৰ পূৰ্বেই বদলি হৈ আহি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পদত অধিষ্ঠিত হয় ৷ দুধনৈ আৰক্ষী থানাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন সামাজিক মূলক কামত ব্ৰতী হৈ পৰে কাকতি ৷ বৰ্তমান ৰাইজৰ মাজত আইন-শৃংখলা বজাই ৰখাৰ লগতে ৰাইজ আৰু সমাজৰ হিতাৰ্থে কাম কৰি আছে ৷ উল্লেখযোগ্য যে যোৱা দুটা মাহত মুকুট কাকতিয়ে একক প্ৰচেষ্টাত দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত ৪২ খন গাঁৱত তিনি হাজাৰ পাঁঁচশৰো অধিক গছপুলি ৰোপনৰ লগতে সজাগতা সভা পাতি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ গছ পুলি বহুতে ৰোৱে কিন্তু গছ পুলি সমূহ ৰোপনৰ পিছত কোনো চোৱা চিতা নকৰাৰ ফলত পুুুলিবোৰ মৰি থাকে । কিন্তু তাৰ বিপৰীতে গছপুলি ৰুই গছপুলি জোপাক গৰু-ছাগলীৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সাৰ পানী যোগান ধৰিবৰ বাবেও প্ৰতিখন গাঁৱৰে গাঁৱৰক্ষী বাহিনীক দায়িত্ব অৰ্পণ কৰিছে বিষয়া গৰাকীয়ে ৷ যাৰ বাবে এতিয়া লহপহকৈ গছৰ পুুলিবোৰ বাঢ়িব ধৰিছে । প্ৰকৃতিয়ে এতিয়া ভাৰাসাম্য হেৰুৱাই পেলাইছে যাৰ বাবে বৰষুণৰ পৰিমাণ কমাৰ লগতে গৰম অত্যাধিক হাৰত বাঢ়িব ধৰিছে ৷ লগতে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে দিনক দিনে বন ধ্বংস কৰি যোৱাৰ বাবে বনাঞ্চল সমূহ সংকুচিত হৈ আছে ৷ যাৰ বাবে বিভিন্ন সময়ত বন্য জীৱকুল সমূহে বাসস্থানৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰি জনসাধাৰণৰ মাজত হাহাকাৰৰ সৃষ্টি কৰি আছে ৷ এনেবোৰ কাৰ্য বন্ধ কৰিবৰ বাবে ৰাইজ সজাগ হোৱাৰ লগতে বন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আৰক্ষী বিষয়া মুকুট কাকতিয়ে ৰাইজলৈ আহ্বান জনায় আহিছে ৷ ইতিমধ্যে গছপুলি ৰোপন কৰা গাঁওসমুহৰ ৰাইজে আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃতি প্ৰেম দেখি প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে শলাগ লৈছে ৷ আনহাতে অকল ৰাইজেই নহয় উচ্চ পদস্থ আৰক্ষী মহলেও বিষয়া গৰাকীৰ জনহিতকৰ কামৰ উচ্চ প্ৰশংসা কৰিছে৷
Trending
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান