অকলেই ৪২ খন গাঁৱত গছৰপুলি ৰুলে

0 267

সততে বাতৰিত বিভিন্ন আৰক্ষী বিষয়াৰ অপবাদহে শুনা যায়, কিন্তু   এই অপবাদৰ সোতৰ বিপৰীতত অৱস্থান কৰি সংবাদ শীৰ্ষ দখল কৰিছে দুধনৈৰ এগৰাকী বিষয়াই ৷  “গছ থাকিলেহে মানুহ থাকিব” এই কথাষাৰ শিৰোগত কৰি  আগবাঢ়িছে  মুকুট কাকতি নামৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷ তেখেতে দুধনৈ আৰক্ষী থানালৈ প্ৰায় ডেৰ বছৰ পূৰ্বেই বদলি হৈ আহি  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পদত অধিষ্ঠিত হয় ৷ দুধনৈ আৰক্ষী থানাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন  সামাজিক মূলক কামত ব্ৰতী হৈ পৰে কাকতি ৷ বৰ্তমান ৰাইজৰ মাজত আইন-শৃংখলা বজাই ৰখাৰ লগতে ৰাইজ আৰু সমাজৰ হিতাৰ্থে কাম কৰি আছে ৷ উল্লেখযোগ্য যে যোৱা দুটা মাহত মুকুট কাকতিয়ে একক প্ৰচেষ্টাত দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত  ৪২ খন গাঁৱত তিনি হাজাৰ পাঁঁচশৰো অধিক গছপুলি ৰোপনৰ লগতে সজাগতা সভা পাতি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ গছ পুলি বহুতে ৰোৱে কিন্তু গছ পুলি সমূহ ৰোপনৰ পিছত কোনো চোৱা চিতা নকৰাৰ ফলত পুুুলিবোৰ মৰি থাকে । কিন্তু তাৰ বিপৰীতে গছপুলি ৰুই গছপুলি জোপাক গৰু-ছাগলীৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সাৰ পানী যোগান ধৰিবৰ বাবেও প্ৰতিখন গাঁৱৰে গাঁৱৰক্ষী বাহিনীক দায়িত্ব অৰ্পণ কৰিছে বিষয়া গৰাকীয়ে ৷ যাৰ বাবে এতিয়া লহপহকৈ গছৰ পুুলিবোৰ বাঢ়িব ধৰিছে । প্ৰকৃতিয়ে এতিয়া ভাৰাসাম্য হেৰুৱাই পেলাইছে যাৰ বাবে বৰষুণৰ পৰিমাণ কমাৰ লগতে গৰম অত্যাধিক হাৰত বাঢ়িব ধৰিছে ৷ লগতে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে দিনক দিনে বন ধ্বংস কৰি যোৱাৰ বাবে বনাঞ্চল সমূহ সংকুচিত হৈ আছে ৷ যাৰ বাবে বিভিন্ন সময়ত বন্য জীৱকুল সমূহে বাসস্থানৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰি জনসাধাৰণৰ মাজত হাহাকাৰৰ সৃষ্টি কৰি আছে ৷ এনেবোৰ কাৰ্য বন্ধ কৰিবৰ বাবে ৰাইজ সজাগ হোৱাৰ লগতে  বন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আৰক্ষী বিষয়া মুকুট কাকতিয়ে ৰাইজলৈ আহ্বান জনায় আহিছে ৷ ইতিমধ্যে গছপুলি ৰোপন কৰা গাঁওসমুহৰ ৰাইজে আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃতি প্ৰেম দেখি প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে শলাগ লৈছে ৷ আনহাতে অকল ৰাইজেই নহয় উচ্চ পদস্থ আৰক্ষী মহলেও বিষয়া গৰাকীৰ জনহিতকৰ কামৰ উচ্চ প্ৰশংসা  কৰিছে৷

Leave A Reply

Your email address will not be published.